New Year আহিবলৈ মাত্ৰ কেইদিনমান বাকী আছে আৰু মানুহে নতুন বছৰ উদযাপন কৰিবলৈ যথেষ্ট আগ্ৰহী হৈ আছে। কিন্তু, মানুহে প্ৰায়ে নৱবৰ্ষ উদযাপন আৰু পাৰ্টিত (New Year Party) সুৰাপান কৰে। যাৰ পিছত পাছদিনা সুৰাৰ হেংঅভাৰে (Hangover) আমনি কৰে। হেংঅভাৰৰ আঁৰৰ কাৰণ হ’ল অত্যাধিক সুৰাপান। আহক জানো হেংঅভাৰ কি আৰু হেংঅভাৰ (Hangover) কিয় হয় আৰু তাৰ লোকচান কি। লগতে, হেংঅভাৰ আঁতৰোৱা বা কম (How to get rid of hangover) কৰিবলৈ কোনবোৰ খাদ্য খাব লাগে।
Causes of hangover: হেংঅ’ভাৰ কিয় হয় আৰু ইয়াৰ ক্ষতি?
সুৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু অত্যাধিক সুৰাপান কৰাটো অতি বিপদজনক। অত্যাধিক সুৰাপানৰ ফলত শৰীৰত ডিহাইড্ৰেচন, পেটৰ সমস্যা হয়, (Low Blood Sugar) ৰক্ত শৰ্কৰা কম হয়, প্ৰদাহ হয় (Inflammation), ভাগৰ লাগে। যাৰ ফলত মূৰৰ বিষ, বমি, টোপনি অহা, পেটৰ বিষ, ডায়েৰিয়া, চকুত গধুৰতা, মুখ শুকাই যোৱা, এচিড গঠন হোৱা, মূৰ ঘূৰোৱা, মনোযোগ দিবলৈ অক্ষম হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
Hangover Cure: হেংঅ’ভাৰ আঁতৰাবলৈ কি খাব লাগে?
সুৰাপান কৰাৰ পিছত হোৱা হেংঅভাৰৰ পৰা বাচিবলৈ আপুনি আপোনাৰ সীমা জানিব লাগে আৰু সুৰাপান লেহেমীয়া গতিত কৰিব লাগে। কিন্তু, পাৰ্টিৰ পিছত হোৱা হেংঅ’ভাৰ আঁতৰাবলৈ কিছুমান খাদ্য খাব পৰা যায়।
১. ড্ৰিংকছৰ মাজত পানী খাওক
নিচা আঁতৰাবলৈ বা হেংঅভাৰৰ পৰা বাচিবলৈ পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ। ই তেজত সুৰাৰ পৰিমাণ কম কৰাত সহায় কৰে। মায়োক্লিনিকৰ মতে, প্ৰতি গ্লাছ সুৰাপান কৰা পিছত এগিলাচ পানী খাব লাগে। যাৰ দ্বাৰা শৰীৰত ডিহাইড্ৰেচন নহয় আৰু পাছদিনা হ’বলগীয়া হেংঅভাৰৰ পৰাও ৰক্ষা পাব পাৰি। লগতে, হেংঅ’ভাৰ হ’লে যথেষ্ট পৰিমাণে পানী খাব লাগে। যাতে শৰীৰৰ ডিহাইড্ৰেচন নাইকিয়া কৰিব পাৰি।
2. কাৰ্ব (Carbs) থকা খাদ্য
কাৰ্ব (Carbs) জাতীয় খাদ্য গ্ৰহণ কৰিলে তেজত লাহে লাহে সুৰা দ্ৰৱীভূত (মিহলি) হয়। যাৰ ফলত পাছদিনা হেংঅ’ভাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। আপুনি সুৰাৰ সৈতে কাৰ্ব (Carbs) থকা খাদ্য বা তাৰে পাছদিনা কাৰ্ব (Carbs) থকা খাদ্য গ্ৰহণ গ্ৰহণ কৰিব পাৰে। কল, চীনাবাদামৰ বাটাৰ (Peanut Butter), আম, পাস্তা, ব্ৰেড আদি হৈছে কাৰ্বজাতীয় খাদ্য।
৩. নেমু বা আচাৰ (Lemon & Pickle)
নেমুৱে ৰোগ প্ৰতিৰোধ প্ৰণালী সংশোধন কৰিবলৈ আৰু পাকস্থলীক সকাহ দিবলৈ কাম কৰে। যাৰ বাবে নেমুৰ ৰস সেৱনে হেংঅ’ভাৰো আঁতৰ কৰে। আনহাতে, আচাৰত থকা ছডিয়ামে শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ পূৰণ কৰাত সহায় কৰি হেংঅ’ভাৰৰ পৰা সকাহ দিয়ে।
৪. মৌ (Honey)
হেল্থলাইনৰ মতে, মৌ সেৱন কৰি হেংঅ’ভাৰৰ লক্ষণবোৰৰ পৰা সোনকালে সকাহ পাব পাৰি। কিয়নো, ইয়াত ফ্ৰুক্টোজ অন্তৰ্ভুক্ত থাকে, যি শৰীৰৰ পৰা সুৰা আঁতৰ কৰাৰ গতি বৃদ্ধি কৰে। গতিকে যেতিয়া আপোনাৰ হেংঅ’ভাৰ হয় তেতিয়া আপুনি ১ চামুচ মৌ খাব পাৰে।
৫. নাৰিকলৰ পানী (Coconut Water)
অত্যাধিক সুৰাপান কৰাৰ ফলত শৰীৰত ডিহাইড্ৰেচন আৰু ইলেক্ট্ৰলাইটৰ অভাৱ পূৰণ কৰিবলৈ নাৰিকলৰ পানী খাব পাৰে। ইয়াৰ জৰিয়তে সুৰাৰ নিচা আঁতৰোৱাত সহায় কৰে। আনহাতে, ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰেও পেটত উৎপন্ন হোৱা এচিডকো প্ৰশমিত কৰে।
Photo: Google
Discussion about this post