এয়া ছবিৰ কাহিনী নহয়, এয়া হৈছে প্ৰকৃত কাহিনী। ‘হৃদয়বান’ স্বামীয়ে পত্নীক গতাই দিলে প্ৰেমিকক। এয়া প্ৰেম, ত্যাগ নে পত্নীক গতাই দি ল’লে মুক্তি। এই ঘটনা অসমৰ নহয়, বিহাৰৰ (Bihar)।
বিহাৰৰ (Bihar) জামুই (Jamui District) জিলাৰ এজন হৃদয়বান স্বামীয়ে প্ৰেমিকৰ হাতত গতাই দিলে নিজৰ পত্নীক। সামাজিক মাধ্যমত এই ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল।
জামুই (jamui) জিলাৰ খাইৰা খণ্ডৰ নন্দীদিহ গাঁৱৰ বাসিন্দা গুৰু ৰবিদাসৰ জীয়ৰী শিৱানী কুমাৰী আৰু চোনো আৰক্ষী থানা অঞ্চলৰ বালথাৰ গাঁৱৰ বাসিন্দা বিকাশ দাসৰ বিবাহ সম্পন্ন হৈছিল দুবছৰ পূৰ্বে। বিকাশ দাস বেংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত হোৱাৰ সূত্ৰে বিবাহৰ পিছত পত্নীৰ সৈতে বেংগালুৰুতে থাকিবলৈ লৈছিল।
কিন্তু শিৱানীয়ে এদিন জামুই জিলাৰ ঝাঝা খণ্ডৰ জামুকাবৰ গাঁৱৰ বাসিন্দা প্ৰকাশ দাসৰ পুত্ৰ শচীন কুমাৰক লগ পায় আৰু লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাবলৈ ধৰিছিল। প্ৰথম চিনাকি পৰৱৰ্তী সময়ত প্ৰেমলৈ ৰূপান্তৰিত হোৱাত এদিন শিৱানীয়ে তেওঁলোকৰ প্ৰেমৰ বিষয়ে স্বামীক কয়। পত্নীয়ে কৈছিল যে- তাই হেনো প্ৰেমিক শচীন কুমাৰৰ সৈতেহে থাকিব বিচাৰে।
ইফালে পত্নীৰ পৰকীয়া প্ৰেমৰ বিষয়ে জানিব পৰাৰ পিছতে বিকাশ দাসে যোৱা ২৬ ডিচেম্বৰত প্ৰেমিক শচীন কুমাৰৰ সৈতে শিৱানী কুমাৰীক বিয়া দিয়ে। সামাজিক মাধ্যমত এই বিবাহৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে যদিও অৱশ্যে বিকাশ, শিৱানী আৰু শচীনৰ পৰিয়ালৰ তৰফৰ পৰা এতিয়াও বিবাহখনক লৈ কোনো সঁহাৰি লাভ কৰা হোৱা নাই। আনহাতে বিবাহখনক লৈ আৰক্ষীকো কোনো কথা অৱগত কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/drunk-women-police-at-naharkatia-in-assam/5717/
Discussion about this post