বটদ্ৰৱাৰ (Batadrava) নিকটৱৰ্তী মৈৰাধ্বজত ড্ৰাগছ বিৰোধী অভিযান (Drugs Drive)। আটক দুই ড্ৰাগছ ব্যৱসায়ী (Drugs Pedler)। উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। মিকিৰভেটা থানাৰ অন্তৰ্গত বৰিবজাৰ আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে আজি গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱাৰ নিকটৱৰ্তী বালিজানত মইনুল হকৰ ঘৰত চলাই ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত উদ্ধাৰ কৰে ৪টা চাবোনৰ বাকচত ভৰ্তি প্ৰায় ৫১গ্ৰাম ড্ৰাগছ। আটক কৰে জিয়াবুৰ ৰহমান আৰু ফকৰুল ইছলাম নামৰ দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক (Drugs Pedler)। পৰৱৰ্তী সময়ত ধিং থানাৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত মৈৰাধ্বজৰ ধৃত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত তালাচী চলাই ৩১ হাজাৰ নগদ ধনৰ লগতে দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈকে আৰক্ষীয়ে অধিক জেৰা অব্যাহত ৰাখিছে।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/health-tips-if-you-have-a-habit-of-chewing-nails-then/5692/
Discussion about this post