নগাঁৱত আৰক্ষীৰ (Nagaon Police) পোছাকৰ বেশত গৰু সৰবৰাহকাৰী। গৰু সৰবৰাহকাৰীৰ (Cow Smuggler) লগত জড়িত নগাঁও বৰঘাট থানাৰ কনিষ্টবল আৰু হোমগাৰ্ড। ৰাজ্যৰ লগতে নগাঁওতো অব্যাহত আছে চোৰাং গৰু ব্যৱসায়।
দেওবাৰে পুৱা ৪২টাকৈ চোৰাং গৰু জব্দ কৰিলে নগাঁৱৰ (Nagaon) বৰঘাট বাইপাছত। AS-01- NC- 1843 আৰু AS-01-LC-5157 নম্বৰৰ দুখন ট্ৰাকত আনিছিল চোৰাং গৰু। লগতে জব্দ কৰে AS-02-Z-6111 নম্বৰৰ এখন ছুইফট ডিজায়াৰ।
শিৱসাগৰৰ ৰাজমাই বজাৰৰ পৰা ন-খুটিৰ দিশে যোৱাৰ পথত জব্দ কৰে এই চোৰাং গৰু খিনি। জান বৰা, মুস্তাফা আহমেদ, ৰুছমত আলী, ভৃগু বাইলুং আৰু আজিবুৰ ৰহমান নামৰ চাৰিটা গৰু সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। মুস্তাফা আহমেদ নামৰ গৰু সৰবৰাহকাৰীটো কুখ্যাত অপৰাধী।
SP আনন্দ মিশ্ৰৰ নিৰ্দেশত (Anand Mishra) ANS টিম আৰু বৰঘাট আৰক্ষী চকীয়ে চলাইছিল এই অভিযান। ইফালে গৰুৰ সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে আজি OC সকলৰ সৈতে বৈঠক নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ (Anand Mishra)। বৈঠকত নিজ নিজ ঞ্চলৰ দায়িত্ব সুচাৰুৰূপে পালনৰ নিৰ্দেশ আনন্দ মিশ্ৰৰ।
গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত সকলোকে সকিয়নী আনন্দ মিশ্ৰৰ। আৰক্ষীয়ে হওঁক বা আন কোনোৱেই হওঁক কাকো ৰেহাই দিয়া নহয় বুলি মন্তব্য নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ।
উল্লেখযোগ্য যে দেওবাৰে আটক কৰা গৰু সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি নগাঁও আৰক্ষীয়ে আটক কৰিছে কনিষ্টবল পংকজ গায়নক। সম্প্ৰতি পলাতক অৱস্থাত আছে হোমগাৰ্ড ৰজি’কুল আমিন। সম্প্ৰতি ৰজি’কুলক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post