বৰপেটাৰ আৰক্ষীয়ে জ্বলাই দিলে বিভিন্ন সময়ত অভিযানত জব্দ হোৱা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। সম্প্ৰতি ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই গৈছে অভিযান ৷ বৰপেটা আৰক্ষীয়েও (Barpeta Police) বিভিন্ন সময়ত অভিযান চলাই ড্ৰাগছসহ (Drugs) আটক কৰিছে বহু লোকক ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Drugs Drive) অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে বৰপেটা আৰক্ষীয়ে (Barpeta Police) জ্বলাই (Burn) দিলে ড্ৰাগছ, গাঞ্জাসহ, নিচাযুক্ত সামগ্ৰী৷
বৰপেটা আৰক্ষী (Barpeta Police) ছাউনীৰ পাছফালে বৃহস্পতিবাৰে জ্বলাই দিয়া হয় নিচাযুক্ত সামগ্ৰীসমূহ ৷ বৰপেটা জিলা উপায়ুক্ত, বৰপেটা আৰক্ষী অধীক্ষক, ন্যায়াধীশ আৰু ড্ৰাগছ ডিস্প’জেল কমিটীৰ সদস্যৰ উপস্থিতিত এই সামগ্ৰীসমূহ জ্বলাই দিয়া হয় ৷
বৰপেটা জিলাৰ বিভিন্ন আৰক্ষী চকীত ৰুজু হোৱা ৫৮টা গোচৰৰ প্ৰায় এক কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ বৃহস্পতিবাৰে জ্বলাই দিয়া নিচাযুক্ত সামগ্ৰীসমূহৰ ভিতৰত আছে ব্ৰাউন ছুগাৰ ৪০০ গ্ৰাম, গাঞ্জা ১০২ কেজি, নিচাজাতীয় টেবলেট ৫১৩৬টা, নিচাযুক্ত কফচিৰাপ ৬১৪ বটল আৰু নিচাজাতীয় কেপচুল ৪৩২টা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷
Photo & Input: ৰবিউল ইছলাম
Discussion about this post