লাহৰীঘাটত (Laharighat) পোহৰলৈ আহিছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। ৫০ৰ উৰ্দ্ধৰ এজন লম্পটে তিনিজনকৈ নাবালিকাক ধৰ্ষণ (Rape) কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাটো সংঘটিত হয় লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত জেঙৰবড়ী গাঁৱত। গাঁওখনৰ ৰজনীকান্ত দৈমাৰী নামৰ এগৰাকী ৫৫ বছৰীয়া লম্পটে একে গাৱঁৰে ৬, ৭ আৰু ৯ বছৰীয়া তিনিটা কণমানিক শিশুক ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ লাহৰীঘাট (Laharighat) অঞ্চলতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি এই লম্পটোৱে বিভিন্ন ধৰণৰ প্ৰলোভন দি চাৰিদিনৰ ভিতৰত এগৰাকী এগৰাকীকৈ তিনিগৰাকী নাবালিকাক নিজৰ গৃহত ফুচুলাই নি ধৰ্ষণ (Rape) কৰে।
পিছত নাবালিকা কেইগৰাকী অসুস্থ হৈ পৰাৰ লগতে প্ৰস্ৰাৱ কৰিব নোৱাৰাত পৰিয়ালৰ লোকে সোধা-পোছা কৰাত ওলাই পৰে উৰহি গছৰ ওৰ।
পৰিয়ালৰ লোকে লম্পট ৰজনীকান্ত দৈমাৰীয়ে সংঘটিত কৰা এনে অমানৱীয় জঘন্য কাণ্ডৰ ঘটনাটো পোহৰলৈ অহাৰ পিছত পৰিয়ালবৰ্গই লাহৰীঘাট আৰক্ষী (Laharighat Police) থানাত লম্পটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
লাহৰীঘাট আৰক্ষীয়ে (Laharighat Police) ৰজনী দৈমাৰীৰ বিৰুদ্ধে 888/21 নম্বৰৰ গোচৰ ৰুজু কৰি পলাতক অৱস্থাৰ পৰা লম্পটটোক আজি গ্ৰেপ্তাৰ (Arrest) কৰিবলৈ সক্ষম হয়।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post