জীৱনত ক’ত, কেতিয়া, কি হৈ যায় কোনে জানে। বহুক্ষেত্ৰত এইটো সঁচা যেন লাগে। এজন ইণ্ডোনেচিয়াৰ মাছমৰীয়াৰ (Fishermen) সৈতেও একেই ঘটনা ঘটিছিল, যিয়ে ৰাতিটোৰ ভিতৰতে তেওঁৰ ভাগ্য ওলোটা কৰি দিছিল। ক’ত তেওঁ সাগৰত মাছ ধৰিবলৈ গৈছিল আৰু ক’ত তেওঁ কোটি কোটি টকাৰ বস্তু পালে। এই খবৰটো পোহৰলৈ অহাৰ পিছত বিভিন্নজনে মাছমৰীয়াজনক ভাগ্যৰ ধনী বুলি কৈ অভিহিত কৰিছে।
ইণ্ডোনেছিয়াৰ মাছমৰীয়াৰ সলনি হ’ল ভাগ্য
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এজন মাছমৰীয়াই ইণ্ডোনেছিয়াৰ (Indonesia) বাংকা বেলিটুং বীচত মাছ (Fish) ধৰিবলৈ গৈছিল। তেওঁ নাওত জাল লৈ সাগৰৰ পৰা মাছ ধৰি আছিল। তেওঁ জাল সাগৰত দলিয়াই দিছিল আৰু মাছ আৱদ্ধ হোৱালৈ অপেক্ষা কৰি আছিল। তাৰ অলপ পিছতে যেতিয়া তেওঁ জালখন টানিছিল তেওঁ আচৰিত হৈ উঠিছিল। দৰাচলতে, তেওঁৰ জালত মাছৰ সলনি কেইটামান বাকচ আহিছিল।
তাৰ পিছত মাছমৰীয়াজনে ভয়ত এই বাকচ (Boxes) কেইটা খুলিছিল। যেতিয়া মাছমৰীয়াজনে বাকচবোৰ খুলিলে, তাৰ পৰা ওলোৱা বস্তু দেখি তেওঁ আচৰিত হৈ ৰ’ল। দৰাচলতে, এই বাকচবোৰত এপল (Apple)ৰ বেলেগ-বেলেগ প্ৰডাক্টছ (Products) আছিল। তাত আইফোন (iPhone), আইপেড আৰু মেকবুক (MacBooks) আছিল। সেইবোৰৰ মূল্য কোটি টকা বুলি কোৱা হৈছে।
মাছমৰীয়াই ঘটনাটোৰ বিষয়ে জনাইছিল
ইয়াৰ পিছত মাছমৰীয়াজনে এই ঘটনাটোৰ ভিডিঅ’ টিকটক (TikTok)ত শ্বেয়াৰ কৰিছিল। মাছমৰীয়াজনে ফটো শ্বেয়াৰ কৰি লিখিছিল, ‘এনেধৰণে ভাগ্য সলনি হয়। ঘটনাটোৰ বিষয়ে জনা সকলোৱে আচৰিত হৈছিল। মাছমৰীয়াজনে ভিডিঅ’টোত কৈছিল যে বাকচটোত থকা সামগ্ৰীবোৰ পানীৰ বাবে ক্ষতিগ্ৰস্ত হোৱা নাই। তেওঁ কৈছিল যে বাকচবোৰ ইমান ভালদৰে পেকিং (Packing) কৰা হৈছিল বস্তুখিনিৰ কোনো ক্ষতি হোৱা নাছিল।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/entertainment/pooja-hegde-oops-moment-recorded-on-camera/5443/
Discussion about this post