নাৰায়ণপুৰৰ লখিমপুৰ পলিটেকনিকত (Lakhimpur Polytechnic) উত্তপ্ত পৰিস্থিতি। প্ৰতিষ্ঠানখনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসৰ বিৰুদ্ধে শ্ৰেণী কোঠাৰ পৰা ওলাই আহিল শিক্ষক-ছাত্ৰ-ছাত্ৰী (Protest)। শিক্ষয়িত্ৰীক অশালীন আচৰণৰ লগতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।
শিক্ষয়িত্ৰীক নৈশা যাপনৰ বাবেও কোৱাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে। অধ্যক্ষজনে নিজৰ মতে শিক্ষকৰ দৰ্মহা কৰ্তনৰো অভিযোগ উত্থাপন শিক্ষয়িত্ৰীসকলৰ। পৰিণতিত তীব্ৰ নিৰাপত্তা হীনতাত ভুগিছে শিক্ষয়িত্ৰীসকলে।
আনহাতে প্ৰতিষ্ঠান খনৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসত দীৰ্ঘদিন ধৰি পঢ়াৰ সু-ব্যৱস্থা নথকাৰ উপৰি খোৱা পানীৰ লগতে নিয়মীয়া সুৰক্ষা ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰী সকলে।
কৰ্তৃপক্ষক বিভিন্ন সময়ত অভিযোগ দি অহাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ বাবেই আজি এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে। শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ সুভাষ চন্দ্ৰ দাসে নিজ খেয়াল খুচি মতে ছাত্ৰ-ছাত্ৰীৰ মাচুল বৃদ্ধি কৰাৰ লগতে আন আন কাৰ্যসমূহো সম্পাদন কৰি অভিযোগ তুলি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে।
শীঘ্ৰে অধ্যক্ষগৰাকীক শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা আঁতৰাই আন এগৰাকী অধ্যক্ষ নিযুক্তি দিবৰ বাবে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে দাবী জনাইছে।
Photo & Input: ইছৰাকুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-2-injured-at-nazira-in-assam/5374/
Discussion about this post