অনলাইনত সামগ্ৰীৰ অৰ্ডাৰ (Online Order) কৰোতে সাৱধান। বৰপেটাৰোডত (Barpeta Road) এগৰাকী লোকে অনলাইনত মোবাইল অৰ্ডাৰ (Mobile Order) কৰি খালে ৰামঠগন। প্ৰাপ্ত খবৰ অনুসৰি বৰপেটাৰোডৰ সমীপৰ বাঁহাবাৰীৰ প্ৰসেনজিৎ ৰায় নামৰ লোকজনে দিল্লীৰ সিং ট্ৰেডাৰ্চ নামৰ প্ৰতিষ্ঠানৰ পৰা এটি মোবাইল অনলাইন যোগে অৰ্ডাৰ কৰিছিল।
প্ৰতিষ্ঠানটোৱে তেওঁলোকক মোবাইলটোৰ দাম ১২ হাজাৰ যদিও ৪৬০০ টকাতে দিব বুলি জনাইছিল। Cash On Delivery মৰ্মে বৰপেটাৰোডৰ শিমলাগুড়ী পোষ্ট অফিচত ৪৬০০ টকা জমা দি পাৰ্চেলটো ল’বলৈ কয়।
ভুক্তভোগী-
আজি প্ৰসেনজিৎ ৰায়ৰ পত্নীয়ে টকাখিনি জমা দি পাৰ্চেলটো খুলি চাই হতবাক হৈ পৰে। কিয়নো পাৰ্চেলটোত মোবাইলৰ সলনি তেওঁলোকে কম দামৰ এযোৰ জোতা, এডাল বেল্ট আৰু এটা পাৰ্চহে পায়।
এনেদৰে দিল্লীৰ কোম্পানীটোৰ দ্বাৰা ৰামঠগন (Fraud Case) খোৱাত স্বাভাৱিকতে বিব্ৰত হৈ পৰিছে পৰিয়ালটো।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post