মহানগৰীৰ (Guwahati)হোটেলত বৃহৎ চুৰিকাণ্ড (Thief)। মনিপুৰি বস্তিৰ (Manipurbasti) হোটেল অঞ্জুনাত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। হোটেলৰ কৰ্মচাৰীয়ে হোটেলৰ আচুতীয়া লকাৰ ভাঙি লৈ গ’ল প্ৰায় ৬ লাখ টকা।
দুই কৰ্মচাৰী দ্বীপজ্যোতি তালুকদাৰ আৰু স্ববিন দাসে নিশা সংঘটিত কৰে এই চুৰিকাণ্ড (Thief)। ৩ ডিচেম্বৰ নিশা ১২ বজাত হোটেলত সকলো কৰ্মচাৰী শুই থকাৰ সুযোগ লৈ লকাৰ ভাঙি ধন লৈ উধাও হয় দুই কৰ্মচাৰীয়ে। সমগ্ৰ চুৰিকাণ্ড দৃশ্য বন্দী CCTVত।
চাওক VIDEO-
কৰ্মচাৰী দ্বীপজ্যোতিৰ নলবাৰীৰ সান্দহকুচিত আৰু স্ববিনৰ ঘৰ মিলনপুৰ চাৰিয়াটলি নলবাৰীত। দুয়োজনে দীৰ্ঘদিন কৰ্মচাৰী হিচাপে আছিল হোটেলখনত। হোটেলখনত দ্বীপজ্যোতি আছিল হাউচকিপিং আৰু স্ববিন আছিল ভাত ৰান্ধনী। ইতিমধ্যে পল্টনবজাৰ থানাত (Paltanbajar Thana) হোটেল কৰ্তৃপক্ষই দুয়োৰে বিৰুদ্ধে তৰিছে গোচৰ।
Photo & Input: Khatang Khobor





























Discussion about this post