আজি শেষকৃত্য সম্পন্ন কৰা হ’ব নাগালেণ্ডত (Nagaland) আছাম ৰাইফলছৰ (Assam Rifles)গুলীত নিহত লোকসকলৰ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী (Nagaland CM) নেইফিউ ৰিঅ’ই (Neiphiu Rio) আৰু উপ মুখ্যমন্ত্ৰী ৱাই পেট্টনে (Yanthungo Patton) অংশগ্ৰহণ কৰিব শেষকৃত্য অনুষ্ঠানত। মন জিলাত (Mon District)আজি সমাধিস্থ কৰা হ’ব নিহত আটাইকেইজন লোকক।
উল্লেখ্য নিহত লোকসকলৰ পৰিয়াললৈ এককালীনভাৱে ৫ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে। নিৰাপত্তাৰক্ষীৰ গুলীত ১৫ নিৰীহৰ মৃত্যুক লৈ নাগালেণ্ডৰ কিছামা ভিলেজত বিভিন্ন–সংগঠনে সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। হৰ্ণবিল ফেষ্টিভেলো বৰ্জন কেইবাটাও নগা জনগোষ্ঠীৰ।
শনিবাৰৰ এই আক্ৰমণৰ পিছতে আছাম ৰাইফলছৰ মন জিলাত থকা ২৭নং শিবিৰত কেইবাশতাধিক নগা লোকে আক্ৰমণ কৰে। আছাম ৰাইফলছৰ (Assam Rifles) শিবিৰত অগ্নিসংযোগো কৰে উত্তেজিত লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগা হয়।
উল্লেখযোগ্য যে, নাগালেণ্ডত ৪ ডিচেম্বৰত সেনা বাহিনী হাতত ১৫ গৰাকীকৈ সাধাৰণ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছতে ৰাজ্যখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদৰ বাবে নাগালেণ্ডত চলি থকা হৰ্ণবিল ফেষ্টিভেলো আজি আবেলিলৈ বাতিল কৰিবলগীয়া হয়। নাগালেণ্ডৰ (Nagaland) মন জিলাত সেনা বাহিনীৰ দ্বাৰা নিৰীহ লোকৰ হত্যাৰ ঘটনাৰ বিৰুদ্ধে গুৱাহাটীতো দেওবাৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰা হয়।
দেওবাৰে নিশা গুৱাহাটী মহানগৰীৰ নাগালেণ্ড হাউচত নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছে সাধাৰণ নাগা লোকক বৰ্বৰভাৱে হত্যা কৰা ঘটনাক গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰা হয়।
ইফালে নাগালেণ্ডৰ মন জিলাৰ ঘটনাক গৰিহণা ৰাইজৰ দলৰ। ‘AFSPAৰ বলত বলিয়ান হৈ সেনাই হত্যা কৰিছে নিৰীহক। উত্তৰ-পূবত সেনাৰ দ্বাৰা সংঘটিত নিৰীহ হত্যাৰ আইনগত বিচাৰ নহয়। এই ঘটনা সংঘটিত কৰা সেনাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। উত্তৰ-পূবৰ পৰা অতি শীঘ্ৰে বাতিল কৰক AFSPA।’- দোষীক কঠোৰ শাস্তিৰ দাবী দলটোৰ সভাপতি অখিল গগৈৰ (Akhil Gogoi)।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/man-missing-from-picnic-spot-at-golaghat-in-assam/4994/
Discussion about this post