যোৰহাটত (Jorhat) এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে। এগৰাকী বিবাহিতা মহিলা পুৱাই ওলাইছেগৈ থানা। প্ৰেমিকাৰ অভিযোগ যে প্ৰেমিকে তাইৰ সৈতে এনিশা কটোৱাই এতিয়া তাইৰ লগত থাকিবলৈ অমান্তি হৈছে। যাৰ বাবে প্ৰেমিকাই প্ৰেমিকৰ বিৰুদ্ধে থানাত গোচৰ তৰিছে। ইফালে প্ৰেমিকৰ ওলোটা মন্তব্য- প্ৰেমিকৰ মতে প্ৰেমিকা এগৰাকী বিবাহিতা মহিলা আৰু তাইৰ সন্তানো আছে। যাৰ বাবে প্ৰেমিকাৰ সৈতে সি থাকিব নোৱাৰে।
আচলতে ঘটনাটো হৈছে এনেধৰণৰ- মৰিয়নী নিউ সোণোৱালৰ যুৱক সঞ্জীত আচাৰ্জীয়ে যোৰহাটৰ এগৰাকী you tubeৰ সুন্দৰী মডেলৰ ভিডিঅ’ দেখি আৰম্ভণি কৰে প্ৰেমৰ লীলা ৷ যুৱতীগৰাকীৰ যোৰহাটৰ এটা সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী বেংক কৰ্মচাৰীৰ পত্নী। কৰ্মসূত্ৰে স্বামী অন্যঠাইত থকা বাবে অন্তৰীক্ষা নামৰ মহিলাগৰাকীয়ে মৰিয়নী নিউ সোণোৱালৰ সঞ্জীত আচাৰ্জীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলে আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক বাঢ়িবলৈ ধৰে। আৰু এনে দৰে লগ কৰি মঙলবাৰে যুৱক সঞ্জীতৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰেমিকাক মৰিয়নীৰ নিউ সোণোৱালৰ ঘৰলৈ লৈ আহে আৰু নিশা দুয়ো একেলগে কটাই। তাৰ পিছতেই লাগে অথন্তৰ প্ৰেমিকাই অস্বীকাৰ কৰে প্ৰেমিকৰ ঘৰ এৰি যাবলৈ যাৰ বাবে শনিবাৰে প্ৰেমিক-প্ৰেমিকা উপস্থিত হয়হি মৰিয়নী আৰক্ষী চকীত।
প্ৰেমিকাই মৰিয়নী থানাত (Morioni Police) এজাহাৰ দাখিল কৰে আৰু প্ৰেমিক সঞ্জীত ৰঙা ঘৰৰ আলহী হ’বলগীয়া হয়। মৰিয়নী আৰক্ষীয়ে মহিলাগৰাকীক যোৰহাটৰ মহিলা আশ্ৰয় গৃহত ৰাখে আৰু যুৱক সঞ্জীতক জেল হাজোতলৈ প্ৰেৰণ কৰে।
ঘটনাটোক লৈ মহিলাগৰাকীৰ ভাষ্য- ‘সঞ্জীত আচাৰ্জীয়ে মোক তাৰ ঘৰলৈ মাতিছিল। নিশাটো তাৰ লগতে থাকিো। পুৱা উঠি সি মোক যোৰহাটলৈ গুচি যাবলৈ কৈছিল। শাৰীৰিক সম্পৰ্ক সেইদিনাখনো হৈছিল আগতেও হৈছিল। যোৰহাটলৈ গুচি যোৱাত মায়ে মোক সুধিছিল নিশাটো ক’ত আছিলি বুলি। মই একো কোৱা নাছিলো। মোৰ এতিয়া এটাই দুখ লাগিছে যে মই ভুল কৰিছো কিন্তু সিওটো ভুল কৰিছে। সি কিয় মানি নলয়। মোক সি আকোৱালি নল’লে মোৰ কি হ’ব।
Photo & Input: জিন্টু দেওধাই ফুকন
আৰু পঢ়কঃ https://khatangkhobor.com/news/4th-standard-boy-died-for-school-wall-at-goalpara-in-assam/4663/
Discussion about this post