ঘৰত স্বামী নথকাৰ সুযোগ লৈ ৰাজনৈতিক নেতাৰ ধৰ্ষণৰ (Rape) অপচেষ্টা এগৰাকী মহিলাক। লম্পট নেতাৰ বিৰুদ্ধে ভুক্তভোগী মহিলাৰ এজাহাৰ দাখিল।
নগাঁও (Nagaon) জিলাৰ জাজৰিত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। ঘৰত স্বামী নথকাৰ সুযোগ লৈ এগৰাকী মহিলাক বলপূর্বকভাৱে ধৰ্ষণৰ (Rape) অপচেষ্টা কৰাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। জাজৰিৰ হাতিজুজুৱা গাঁৱৰ আয়েছা খাতুন নামৰ মহিলাগৰাকীক লম্পট শ্বৰিফুল ইছলামে দীৰ্ঘদিন ধৰি নিৰ্যাতনৰ অপচেষ্টা কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।
মোবাইলৰ যোগেদিও বিভিন্ন প্ৰলোভন দি মহিলা গৰাকীক অপকৰ্ম কৰাৰ চেষ্টা কৰি আহিছে বুলি অভিযোগ উঠিছে। বুধবাৰে নিশা লম্পট শ্বৰিফুলে অকলশৰীয়া মহিলাগৰাকীক বলপূর্বকভাৱে দৰ্জা ঠেলি ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ অপচেষ্টা কৰিব লওতেই ওচৰতে থকা পৰিয়ালৰ লোকে শ্বৰিফুলক হাতে লোটে আটক কৰি দিয়ে লপা-থপা।
পৰিস্থিতি উত্তপ্ত হোৱা মাত্রকে সুবিধা বুজি স্থানীয় ছুবদিৰ ইছলাম, মুকুট আলী, আব্বাছ আলী আৰু আলমে কৌশলেৰে শ্বৰিফুলক পলায়ন কৰাৰ সুযোগ দিয়ে। উক্ত ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি কাষ চাপিছে জাজৰি আৰক্ষীৰ। পিছে এইজন লম্পট নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/guwahati-girl-commits-suicide-in-assam/4468/
Discussion about this post