পুনৰ বহিৰাগত সুৰা কোম্পানীৰ নাভূত-নাশ্ৰুত কাণ্ড। ছচিয়েল মিডিয়াত (Social Media) তীব্ৰ সমালোচনা সুৰা কোম্পানীৰ (wine Company) বিৰুদ্ধে। বিলাতী সুৰাৰ সমপর্যায়ত ঢোল আৰু পেপাটিক ব্যৱহাৰ কৰি বিজ্ঞাপন চলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ধিঙৰ (Dhing) সচেতন মহলৰ।
“অ’ চি ব্লু” (Officer’s Choice Blue) নামৰ বহিৰাগত বিলাতী সুৰা কোম্পানীটোৱে নিজৰ মুনাফা লাভৰ বাবে জাতীয় থলুৱা লোকবাদ্য ঢোল আৰু পেপাটিক অপব্যৱহাৰ কৰাক লৈ ধিং শাখা সাহিত্য সভা শতদল, বিশিষ্ট শিক্ষাবিদ আৰু দল-সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
জাতিৰ স্বাভিমানৰ প্ৰতীক জাতিৰ সত্ত্বাক বিনষ্ট কৰিব বিচৰা বহিৰাগত কোম্পানীটোৰ লগত জড়িত দুষ্টচক্ৰটোক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবি জনাই অসম চৰকাৰক।
বণিয়া গোষ্ঠীয়ে সস্তীয়া বিজ্ঞাপনেৰে অসমীয়াৰ জাতীয় জীৱনৰ আয়ুৰেখাক ভূলুণ্ঠিত কৰাৰ অভিযোগ। এনে দুষ্কাৰ্য্যক কোনো পধ্যেই গ্ৰহণ নকৰো বুলি মত পোষণ কৰি অতি শীঘ্ৰে উক্ত বিষয় সন্দৰ্ভত প্ৰশাসন তথা অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ধিঙৰ সচেতন মহলে।
সুৰা কোম্পানীয়ে শ্ৰীঘ্ৰেই বিজ্ঞাপন বন্ধ নকৰিলে আইনৰ কাষ চাপিব বুলিও হুংকাৰ একাংশৰ।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/land-mafia-najrul-islam-arrest-by-hojai-police/4451/
Discussion about this post