ৰক্ষকৰ ৰূপত ভক্ষক! বন বিষয়া নহয় যেন চোৰাংচিকাৰী হে! বন বিষয়াৰ ঘৰত উদ্ধাৰ কেঁকো সাপ, কাছৰ খোলা, চোৰাং চিকাৰৰ সামগ্ৰী জীৱ-জন্তুৰ ছাল, অংগ-পতংগ, বন্দুক, গুলি। দক্ষিণ কামৰূপৰ কুলচিত কৰ্মৰত কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ বংশৰৰ বাসগৃহত বন বিভাগৰ অভিযানত জব্দ হৈছে এই সামগ্রী।
আজি কামৰূপৰ বংশৰৰ বৰবাৰী পাহাৰৰ এই কুখ্যাত বন বিষয়া (Forest Officer) অৰূপ বৈশ্যৰ ঘৰত চলিল বন বিষয়া সংগীতাৰাণী সিংহাৰ নেতৃত্বত অভিযান। এই অভিযানত উন্মোচিত হৈছে কি দৰে কুখ্যাত বন বিষয়া অৰূপ বৈশ্যই বন্য প্ৰাণী চোৰাং চিকাৰ আৰু বন্য প্ৰাণী অংগৰ বৃহৎ ব্যৱসায়ৰ বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে।
অৰূপৰ গৃহত প্ৰৱেশ কৰাৰ পিছতে হতবাক বন বিভাগৰ (Forest Department) দলটো। দীৰ্ঘদিনে অৰূপে হৰিণ, কেটেলা পহু, অন্য জীৱ জন্তু চিকাৰ কৰি আহিছে! কেঁকো সাপৰ কলা সাম্ৰাজ্যৰ সৈতে জড়িত এই বন বিষয়া অৰূপ বৈশ্য!
বন্য প্ৰাণীৰ অংগৰ চোৰাং চক্ৰৰ সৈতেও জড়িত থকাৰ প্ৰকাশ কৰা হৈছে! পূৰ্বেও ৰাজপথত বালি ট্ৰাকৰ পৰা ধন লৈ হাতে লোটে ধৰা পৰাৰ পিছত নিলম্বন হৈছিল বন বিষয়া কুখ্যাত অৰুপ বৈশ্য।
এই অভিযানে উন্মোচিত কৰিলে কুখ্যাত বন বিষয়া অৰুপ বৈশ্যৰ ছত্ৰছায়াত চলিছিল কামৰূপত বন্য প্ৰাণীৰ চোৰাং বেহা বন্য প্ৰাণী চিকাৰ! অৰূপৰ সৈতে এই নেক্সাত আৰু কোন কোন?
Photo & Input: বিকি মেধি
Discussion about this post