বাল্যকালত যেতিয়া নতুন-নতুন কম্পিউটাৰ চলাবলৈ শিকিছিলো, তেতিয়া কীবোৰ্ডত আখৰ বিচাৰি থাকোতে কেইবা ছেকেণ্ড সময় লাগি গৈছিল। বিচাৰি-বিচাৰি ১০টা শব্দ টাইপ কৰোতে আমি বহু সময় নষ্ট কৰি দিছিলো। তেতিয়া সকলোৱে নিশ্চয় ভাবিছিল যে কীবৰ্ড নিৰ্মাতাজন কিমান মূৰ্খ হয়। নিৰ্মাতাজনে যদি বৰ্ণবোৰ ইফালে-সিফেল লিখাৰ সলনি লাইনেৰে ABCD…ত লিখিলে হয় তেতিয়া টাইপ কৰাটো কিমান সহজ হ’লহেঁতেন! কিন্তু ডাঙৰ হৈ, কিবৰ্ডখন নোচোৱাকৈ টাইপ কৰা আৰম্ভ কৰিলো, তেতিয়া বুজিব পাৰিলো যে কিবৰ্ডৰ আখৰবোৰ ওলট-পালট কৰি একো ভুল কৰা নাই, বৰঞ্চ বহু বছৰৰ চিন্তাৰ এই ফলস্বৰূপ, যাৰ বাবে আজি আমাৰ টাইপিং কৰাটো মিনিটৰ খেল।
কীবৰ্ডৰ এনে এক অদ্ভুত ইতিহাস আছিল
দৰাচলতে কীবৰ্ডৰ ইতিহাস টাইপ ৰাইটাৰৰ সৈতে সম্পৰ্কিত। অৰ্থাৎ, কম্পিউটাৰ বা কীবোৰ্ড অহাৰ পূৰ্বে QWERTY Format চলি আহি আছে। ১৮৬৮ চনত Christopher Latham Sholes,যিয়ে টাইপ ৰাইটাৰ আৱিষ্কাৰ কৰিছিল, তেওঁ প্ৰথমে ABCDE… ফৰ্মেটতে কীবোৰ্ড বনাইছিল। কিন্তু তেওঁ জানিবলৈ পালে যে যিমান স্পীড আৰু সুবিধাজনক টাইপিং আশা কৰিছিল, সেয়া হৈ উঠা নাছিল। ইয়াৰ লগতে Keysক লৈ আৰু বহুতো অসুবিধা পোহৰলৈ আহিছিল।
কীবৰ্ডৰ বাবে এই ফাৰ্মেটটো কিয় বাচনি কৰিছিল?
ABCD কীবৰ্ডৰ বাবে টাইপ ৰাইটাৰত লিখিবলৈ অসুবিধা হৈ আছিল। মূল কাৰণটো আছিল যে তাৰে বুটামবোৰ এটাৰ আনটো ইমান ওচৰত আছিল যে টাইপিং কৰিবলৈ অসুবিধা হৈছিল। ইয়াৰোপৰি, ইংৰাজীত এনেকুৱা কিছুমান আখৰ আছে যে, যিসমূহৰ ব্যৱহাৰ অধিক হৈছিল (যেনে E,I,S,M) আৰু আৰু কিছুমান আখৰ খুব কম প্ৰয়োজন হয় (যেনে Z, X, ইত্যাদি)। তেনে ক্ষেত্ৰত, আটাইতকৈ সচৰাচৰ ব্যৱহৃত আখৰবোৰৰ বাবে আঙুলি গোটেই কীবোৰ্ডত ঘূৰাব লগীয়া হৈছিল আৰু টাইপিং লেহেমীয়া হৈ পৰিছিল। যাৰ বাবে কেইবাটাও বিফল পৰীক্ষাৰ পিছত ১৮৭০ দশকত আহিল QWERTY Format। যিয়ে প্ৰয়োজনীয় আখৰবোৰ আঙুলিৰ স্পৰ্শত ৰাখিছিল।
QWERTY মডেলেই আটাইতকৈ বেছি পছন্দ হৈ পৰিল
এই পৰীক্ষাবোৰৰ মাজতে আন এটা ফৰ্মেট আহিছিল – Dvorak Model। এই মডেলটো ইয়াৰ Keysৰ বাবে বিখ্যাত হোৱা নাছিল, কিন্তু ইয়াৰ আৱিষ্কাৰক August Dvorak নামেৰে নামাকৰণ কৰা হৈছিল। অৱশ্যে, এই কীবোৰ্ডটো দীৰ্ঘদিন ধৰি চৰ্চাত নাথাকিল। কাৰণ এইটো বৰ্ণানুক্ৰমিক নাছিল কিন্তু সহজো নাছিল। মানুহে QWERTY মডেলকে যথেষ্ট পচন্দ কৰিলে যাৰ বাবে ই প্ৰচলিত হৈ পৰিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-lakhimpur-one-died/4252/
Discussion about this post