বোৰ্খা পৰিধান নকৰাক কেন্দ্ৰ কৰি এগৰাকী মুছলমান যুৱতীক অপদস্থ কৰি গতিয়াই ঘৰৰ পৰা ওলিয়াই দিয়া এক ঘটনা সংঘটিত হয় বিশ্বনাথত ৷ বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰৰ সমীপৰ ১২নং ৱাৰ্ডৰ নিবাসী ছাহিদা আফ্ৰিন খান নামৰ যুৱতীগৰাকীক বোৰ্খাৰ সলনি জিনছ্ পেণ্ট পৰিধান কৰাৰ বাবে মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে অশ্লীল গালি-গালাজ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷
একেটা অঞ্চলৰে নুৰুল আমিন নামৰ লোকজনে বোৰ্খাৰ সলনি জিনছ্ পেণ্ট পৰিধান কৰাৰ বাবে অপদস্থ কৰে যুৱতীগৰাকীক ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘৰৰ মহিলাসকলে কোনো প্ৰতিবাদ নকৰাকৈ চাই আছিল নিৰৱে ৷
যুৱতীৰ ভাষ্য-
কেৱল এই ঘটনাই নহয় পূৰ্বেও অঞ্চলটোৰ আন কেইবাগৰাকী যুৱতীক বোৰ্খা পৰিধান নকৰাৰ বাবে অপদস্থ কৰা তথ্য পোহৰলৈ আহিছে ৷ উল্লেখ্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে নুৰুল আমিনৰ পৰিয়ালটো জড়িত ৷
নিজৰ ঘৰতে “মোবাইল এচেচৰিচ” সমূহ মজুত কৰি ৰাখি বিক্ৰী কৰে নুৰুল আমিনৰ দুই পুত্ৰই ৷ ছাহিদা নামৰ যুৱতীগৰাকীয়ে মোবাইলৰ হেডফোন ক্ৰয় কৰিবলৈ গৈছিল লোকজনৰ ঘৰলৈ ৷
নগাঁও জিলাৰ পৰা অহি ব্যৱসায় কৰা নুৰুল আমিনৰ পৰিয়ালটো ভাৰাতীয়া হিচাপে আছে বিশ্বনাথ চাৰিআলিত ৷ আনহাতে এই ঘটনাৰ পিছতে যুৱতীগৰাকীয়ে ঘৰত উপস্থিত হৈ ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পিছত যুৱতীগৰাকীৰ পিতৃয়ে ঘটনাটোৰ প্ৰতিবাদ জনাই নুৰুল আমিনক জবাবদিহি কৰাত ক্ষুব্ধ হৈ পৰে তেওৰ দুই পুত্ৰ আৰু পিছত তেওঁৰ পুত্ৰ ৰাফিকুল ইছলামে যুৱতীগৰাকীৰ পিতৃক বাটত আগচি ধৰি মাৰপিট কৰাৰ অভিযোগ উঠিছে ৷
ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ ভাৰতীয় দণ্ড বিধিৰ 341/294/323/34 ধাৰাৰ অধীনত 415/21 নম্বৰৰ এটা গোচৰ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত পঞ্জীয়ন হৈছে ৷
ইফালে আৰক্ষীয়ে নুৰুল আমিন আৰু পুত্ৰ ৰাফিকুল ইছলাম দুয়োজনকে আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অধ্যয়নৰত ছাহিদা আফ্ৰিন খান নামৰ এই ছাত্ৰীগৰাকীৰ লগত সংঘটিত এই ঘটনাই সমগ্ৰ বিশ্বনাথ চাৰিআলিতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
Photo & Input: পলাশ প্ৰিয়ম
Discussion about this post