এদিন দুদিন নহয়, একেৰাহে ৭৯ দিনৰ পদযাত্ৰা। দৈনিক গড়ে ৩৬ কিলো মিটাৰকৈ খোজ কাঢ়ি দুমাহ ৭৯ দিনত সৰ্বমুঠ ২৭৯৬ কিলো মিটাৰ পথ অতিক্ৰম কৰি লাডাখত (Ladakh) উপস্থিত হ’ল অসম কন্যা অঞ্জলি দাস।
মিৰ্জাৰ পৰা লাডাখলৈ যাত্ৰা আৰম্ভ কৰিছিল মিৰ্জাৰ আমৰাঙাৰ জিয়ৰী অঞ্জলি দাসে। ‘ফিট ইণ্ডিয়া মিছন’ নামে এক অভিযানৰ অংশ হিচাপে চলিত বৰ্ষৰ ১৩ আগষ্টত যাত্ৰা আৰম্ভ কৰিছিল অঞ্জলিয়ে। আৰু অৱশেষত লাডাখত উপস্থিত হৈ ভাৰতৰ জাতীয় পতাকাৰ লগতে অসমীয়াৰ গৌৰৱ গামোচা উৰুৱালৈ তেওঁ।
উল্লেখ্য যে মানুহৰ মাজত স্বাস্থ্য সচেতনা সৃষ্টিৰ উদ্দেশ্যে তেওঁ আৰম্ভ কৰিছিল এই যাত্ৰা। যাত্ৰাকালত কোনো যান-বাহন, এম্বুলেন্স, ঔষধ-পাতিৰ সহায় নোলোৱাকৈ যাত্ৰা কৰিছিল তেওঁ। যাত্ৰা আৰম্ভ কৰাৰ সময়ত তিনিমাহ সময়ৰ ভিতৰত লাডাখত উপস্থিত হোৱাৰ সংকল্প লৈছিল তেওঁ।
অসম কন্যা অঞ্জলি খোজকাঢ়ি লাডাখত উপস্থিত হোৱাৰ পাছতে তেওঁক প্ৰশংসা আৰু শুভেচ্ছা জনাইছে সকলোৱে।
Photo: Khatang Khobor





























Discussion about this post