কানাড়া চিনেমা উদ্যোগৰ তাৰকা পুনীত ৰাজকুমাৰৰ (Puneet Rajkumar) কালি ২৯ অক্টোবৰত হঠাতে মৃত্যু হৈছিল। বাতৰিটো প্ৰকাশ হোৱাৰ পিছৰে পৰা গোটেই মনোৰঞ্জন জগতত এক শোকৰ ছাঁ পৰি গৈছে। ৪৬ বছৰ বয়সত অভিনেতাজনৰ আকস্মিক মৃত্যুত সকলোৱে হতবাক হৈ পৰিছে। ৰাজনীতিৰ জগতে হওক বা চিনেমাৰ জগতে হওক, সকলো ফালৰ লোকে পুনীত ৰাজকুমাৰৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে (Puneeth Rajkumar Died in Gym)। ইয়াৰ মাজতে এনে এটা খবৰ পোহৰলৈ আহিছে যিয়ে সকলোকে আৱেগিক কৰি তুলিছে। খবৰ অনুসৰি পুনীত ৰাজকুমাৰৰ (Puneet Rajkumar) নেত্ৰ দান কৰা হৈছে।
কাৰোবাৰ জীৱন উজলিব
আপোনালোকৰ জ্ঞাতাৰ্থে পুনীতৰ পিতৃ অভিনেতা ৰাজকুমাৰেও তেওঁৰ চকু দান কৰিছিল আৰু পুনীতেও সেই একেটা কাম কৰিছে। প্ৰবীণ অভিনেতা ড০ ৰাজকুমাৰে ১৯৯৪ চনত নিজেই তেওঁৰ গোটেই পৰিয়ালৰ চকু দান কৰাৰ সিদ্ধান্ত লৈছিল। ২০০৬ চনত হৃদৰোগত আক্ৰান্ত হৈ ড০ ৰাজকুমাৰৰ মৃত্যু হৈছিল। অভিনেতা চেতন কুমাৰে এতিয়া টুইট কৰিছে যে চিকিৎসকৰ এটা দলে মৃত্যুৰ ছয় ঘণ্টাৰ ভিতৰত পুনীতৰ অস্ত্ৰোপচাৰ কৰি তেওঁৰ নশ্বৰ দেহৰ পৰা চকু দৃষ্টিহীন লোকক দান কৰে।
লিখিলে আৱেগিক পোষ্ট
অভিনেতা চেতন কুমাৰে পোষ্টটোত লিখিছিল, ‘যেতিয়া মই আপ্পু ছাৰক চাবলৈ চিকিৎসালয়ত আছিলো, চিকিৎসকৰ এটা দলে তেওঁৰ মৃত্যুৰ ছয় ঘণ্টাৰ ভিতৰত চকু আঁতৰাবলৈ আহিছিল। ড. ৰাজকুমাৰ আৰু নিম্মাশিৱাই যেনেকৈ চকু দান কৰিছিল, আপ্পু ছাৰেও চকু দান কৰি এক উদাহৰণ স্থাপন কৰিছে। ইয়াৰ লগতে অভিনেতাজনে ইয়াক এক উদাহৰণ হিচাপে বৰ্ণনা কৰে আৰু জনসাধাৰণক তেওঁলোকৰ পদাংক অনুসৰণ কৰিবলৈ আৰু চকু দান কৰিবলৈ আহ্বান জনায়।
জিমত আহিছিল হাৰ্ট এটেক
পুনীতৰ বয়স মাত্ৰ ৪৬ বছৰ আছিল আৰু হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছিল। পুনীত, যাক ফিটনেছ ফ্ৰিক বুলি কোৱা হয়, জিমত দুঘণ্টা ব্যায়াম কৰাৰ পিছত বুকুৰ বিষৰ কথা কৈছিল। পুনীতক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত চিকিৎসকসকলে তেওঁক বচাবলৈ নিৰন্তৰ চেষ্টা কৰিছিল কিন্তু সেয়া সম্ভৱ নহ’ল।
কন্যাৰ অপেক্ষা
পুনীতৰ অন্তিম সংস্কাৰ ৰাজ্যিক সন্মানেৰে সম্পন্ন কৰা হ’ব। তেওঁৰ জীয়ৰী বন্দিতাই আমেৰিকাৰ পৰা উভতি আহিবলৈ অপেক্ষা কৰি আছে। বন্দিতাৰ আগমনৰ পিছতহে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/1-shops-gutted-in-major-fire-at-tinsukia-in-assam/4069/
Discussion about this post