Couple Arrested due to Obscenity In Thailand: থাইলেণ্ড (Thailand)ৰ পৰা এক আচৰিত ঘটনা পোহৰলৈ আহিছে। ৰাজহুৱা স্থানত সম্পৰ্ক কৰি থকাৰ অপৰাধত দম্পতীক গ্ৰেপ্তাৰ। এই যুটীৰ (Couple Arrested) বিৰুদ্ধে থাইলেণ্ডৰ ঐতিহাসিক স্মৃতিস্তম্ভত যৌন সম্ভোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। সেই সময়ত কিছুমান লোকে যৌন সম্ভোগৰ ভিডিঅ’ও কৰিছিল। তাৰ পিছত আৰক্ষীয়ে দম্পতীক গ্ৰেপ্তাৰ কৰে।
এক প্ৰতিবেদন অনুসৰি, ঘটনাটো থাইলেণ্ডৰ চিয়াং মাই (Chiang Mai) প্ৰদেশত সংঘটিত হৈছিল। এই দম্পতীয়ে এটা ঐতিহাসিক স্থানত (Historic Place of Thailand) যৌন সম্পৰ্ক (Sex) কৰি আছিল তেতিয়াই কিছুমান লোকে এই ঘটনাটোৰ ভিডিঅ’ কৰিছিল। পিছত এই ভিডিঅ’টো ভাইৰেল (Viral Video) হৈ পৰে আৰু ২২ অক্টোবৰত এই ভিডিঅ’টো আৰক্ষীৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পিছতে আৰক্ষীয়ে দম্পতীক বিচাৰি অভিযান চলাইছিল। কেইদিনমানৰ পিছত আৰক্ষীয়ে দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা দম্পতীৰ মহিলাগৰাকীৰ নাম চিৰিৰাণী আৰু তেওঁৰ বয়স ৪২ বছৰ। আনহাতে প্ৰেমিকৰ নাম চালৰম আৰু তেওঁৰ বয়স ৪৮ বছৰ। সোধা-পোছাত দুয়োয়ে ঐতিহাসিক স্থানত যৌন সম্ভোগ কৰাৰ কথা স্বীকাৰ কৰিছে। ইয়াৰ লগতে তেওঁলোকে আৰক্ষীক এই কথাটোও কৈছিল যে ৰাজহুৱা স্থানত (Public Place) যৌন সম্ভোগ কৰাৰ তেওঁলোকৰ কোনো পৰিকল্পনা নাছিল।
চালৰমে এই সন্দৰ্ভত কৈছিল, ‘এই সকলোবোৰ হঠাতে ঘটিছিল। আমাৰ কোনো ঐতিহাসিক স্থানক একেবাৰে অসন্মান কৰাৰ উদ্দেশ্য নাছিল। মই মোৰ কামৰ বাবে চিয়াং মাইৰ লোকসকলৰ ওচৰত চৰ্তহীনভাৱে ক্ষমা বিচাৰিছো আৰু প্ৰতিশ্ৰুতি দিছো যে এইটো পুনৰ কেতিয়াও নকৰো।’ গোচৰটোত আৰক্ষীয়ে কৈছে যে দম্পতী বেলেগ বেলগ চহৰৰ। দুয়োজনে জেৰাত অপৰাধ স্বীকাৰ কৰিছে আৰু ইয়াৰ বাবে ক্ষমাও বিচাৰিছে। এনে ধৰণৰ ঘটনা যাতে পুনৰ ঘটিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে এতিয়া নিৰ্জন অঞ্চলসমূহত টহল দিব।
Photo: Google




























Discussion about this post