গোলকগঞ্জৰ (Golakganj) হালাকুৰাত জঘন্য কাণ্ড। এটি ২২ মহীয়া কন্যা শিশুক ধৰ্ষণৰ (Rape) অভিযোগ উত্থাপন হৈছে। অভিযুক্ত ১৫ বছৰীয়া কিশোৰক আটক (Detain) কৰে আৰক্ষীয়ে।
হালাকুৰা আৰক্ষী চকীৰ অন্তৰ্গত পোকালাগী গাঁৱত দেওবাৰে এটি ২২ মহীয়া কন্যা শিশুক এটা ১৫ বছৰীয়া কিশোৰৰ বিৰুদ্ধে ধৰ্ষণৰ (Rape) অভিযোগ উত্থাপন হৈছে। কণমানি কন্যা শিশুটি খেলি থাকোতে কিশোৰটিয় খোৱা বস্তুৰ প্ৰলোভনেৰে কোঠালীলৈ নি ধৰ্ষণ (Rape) কৰে।
কণমানি কন্যা শিশুটিয়ে চিঞৰ বাখৰ কৰাত ঘৰৰ মানুহে আগবাঢ়ি অহাত কিশোৰজনে পলায়ন কৰে। কণমানি কন্যা শিশুটিৰ মাতৃৰ এজাৰৰ ভিত্তিত হালাকুৰা আৰক্ষীয়ে অভিযুক্ত কিশোৰ জনক গ্ৰেপ্তাৰ (Arrest) কৰিবলৈ সক্ষম হয়।
Photo & Input: কাজী ফিৰোজ আলম
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/woman-shot-dead-after-she-dressed-as-a-ghost/3843/
Discussion about this post