T20 World Cup 2021
২৪ অক্টোবৰ, দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত (T20 WC 2021) টীম ইণ্ডিয়াই তেওঁলোকৰ অভিযান আৰম্ভ কৰিব। বিশ্বজুৰি ক্ৰিকেট অনুৰাগীসকলে এই হাইভল্টেজ খেলখনৰ অপেক্ষাত আছে। সকলোৱে আগ্ৰহেৰে এই খেলখনৰ বাবে অপেক্ষা কৰি আছে। আকৰ্ষণীয় কথাটো হ’ল যে ভাৰতে বিশ্বকাপত (এদিনীয়া আৰু টি-২০) কেতিয়াও পাকিস্তানৰ হাতত পৰাজিত হোৱা নাই। বিৰাট কোহলীৰ (Virat Kohli) নেতৃত্বত টীম ইণ্ডিয়াই দেওবাৰে অভিলেখ বজাই ৰাখিবলৈ চেষ্টা কৰিব। আমি এই খেলখনৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য দি আছো।
ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব?
২৪ অক্টোবৰ, দেওবাৰে আইচিচি টি-২০ বিশ্বকাপত ভাৰত (India) আৰু পাকিস্তান (Pakistan) মুখামুখি হ’ব। খেলখন ভাৰতীয় সময়মতে সন্ধিয়া ৭:৩০ বজাৰ পৰা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখনৰ টছ হ’ব সন্ধিয়া ৭ বজাত।
আপুনি লাইভ টেলিকাষ্ট ক’ত চাব পাৰিব?
আপুনি ষ্টাৰ স্পৰ্টছ নেটৱৰ্কৰ চেনেলসমূহত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ চাবলৈ পাব। ইংৰাজী আৰু হিন্দীৰ বাহিৰে আন আঞ্চলিক ভাষাতো চাব পাৰিব।
খেলখনৰ লাইভ ষ্ট্ৰীমিং ক’ত চাব?
আপুনি ডিজনী প্লাছ হটষ্টাৰ (Disney+Hotstar)ত চাব পাৰিব মেচখনৰ লাইভ ষ্ট্ৰীমিং।
অনুশীলন মেচত ভাৰতৰ প্ৰদৰ্শন
টি-২০ বিশ্বকাপৰ আগতে ভাৰতে তেওঁলোকৰ দুয়োখন অনুশীলন মেচ জিকিছে। দুয়োখন মেচতে, ভাৰতীয় বেটছমেন আৰু বলাৰসকলক আকৰ্ষণীয় ফৰ্মত দেখা গৈছিল। প্ৰথম অনুশীলন খেলখনত টীম ইণ্ডিয়াই ইংলেণ্ডক সাত উইকেটত পৰাস্ত কৰিছিল। তাৰ পিছত তেওঁ অষ্ট্ৰেলিয়াৰ দলটোক ৯ উইকেটত পৰাস্ত কৰে।
অনুশীলন মেচত পাকিস্তানৰ প্ৰদৰ্শন
পাকিস্তানে দুখন অনুশীলন মেচ খেলিছিল, এখনত জয়ী হৈছিল আৰু এখনত পৰাজিত হৈছিল। পাকে ৱেষ্ট ইণ্ডিজক সাত উইকেটত পৰাস্ত কৰিছিল কিন্তু দক্ষিণ আফ্ৰিকাৰ হাতত ছয় উইকেটত পৰাজিত হৈছিল।
Photo: Google
Discussion about this post