নগাঁও (Nagaon) আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী টেঙালাংচু আৰ্লংকুণ্ডত কুকাণ্ড। পৰ্যটকৰ আকৰ্ষনৰ কেন্দ্ৰবিন্দু টেঙালাংচু আৰ্লংকুণ্ডৰ জুৰিত অৱস্থিত শ্ৰী শ্ৰী গণেশ মূৰ্তিৰ ওপৰত ভৰি থৈ এজন যুৱকে ফটো উঠা ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
আৰবাজ খান নামৰ যুৱকজনে গনেশৰ মূৰ্তিৰ ওপৰত ভৰি থৈ ফটো উঠি সামাজিক মাধ্যমত (Social Media) প্ৰচাৰ কৰিছিল। আৰু ইয়াৰ পিছতে জাঙুৰ খাই উঠিছে পৰিচালনা সমিতি ৷ উল্লেখ্য যে, সেই ঠাইলৈ যোৱা বন্ধ কৰিছে পৰিচালনা সমিতিয়ে।
ঘটনা সন্দৰ্ভত বৰ্তমান পৰিচালনা সমিটিয়ে যুৱকজনৰ ওপৰত আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি বৈঠালাংছ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ কথা সদৰি কৰিছে ৷
ইফালে এই ঘটনাৰ পিছতে উত্তাল প্ৰতিবাদ। গৰজি উঠিছে কাৰ্বি ছাত্ৰ সন্থা আৰু বজৰং দল। প্ৰতিবাদ (Protest) সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। আৰবাজক গ্ৰেপ্তাৰ কৰাৰ দাবী বৈঠালাংছৰ বিভিন্ন দল-সংগঠনৰ।
Photo: Khatang Khobor
Discussion about this post