কিডনীত (Kidney) পাথৰ (Stone) হোৱাটো বৰ্তমান এক সাধাৰণ বেমাৰত পৰিণত হৈছে। পাছে এজন ৰোগীয়ে কিডনীত (Kidney) জমা হোৱা পাথৰৰ অস্ত্ৰোপচাৰ (Operation) কৰিবলৈ গৈ হেৰুৱাবলগীয়া হ’ল কিডনী। কিয়নো চিকিৎসকে কিডনীৰ পাথৰৰ সলনি অস্ত্ৰোপচাৰৰ জৰিয়তে উলিয়াই আনিলে লোকজনৰ কিডনীকে।
এই ঘটনা গুজৰাটৰ (Gujrat)। গুজৰাটৰ খেদা জিলাৰ দেবেন্দ্ৰভাই ৰাভেল নামৰ ৰোগীজনে তলপেটত প্ৰচণ্ড বিষ অনুভৱ কৰাত কাষ চাপিছিল গুজৰাটৰ KGM General হাস্পতালৰ (KMG General Hospital) চিকিৎসক ডাঃ শিবুভাই পেটেলৰ। পৰীক্ষা-নীৰিক্ষাৰ অন্ততঃ চিকিৎসকে কৈছিল যে লোকজনৰ বাঁও কিডনীত এটা ১৪ mmৰ পাথৰ আছে, যিটো সোনকালেই উলিয়াই পেলাব লাগে।
চিকিৎসকৰ (Doctor) পৰামৰ্শ অনুসৰি ৰোগীগৰাকীয়ে সেই চিকিৎসালয়তে (Hospital) অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি হয়। সময়ত সম্পূৰ্ণ হয় অস্ত্ৰোপচাৰো। কিন্তু অস্ত্ৰোপচাৰৰ অন্তত যেতিয়া চিকিৎসকে কয় যে লোকজনৰ কিডনী পাথৰৰ অস্ত্ৰোপচাৰৰ সময়ত কিডনীটোও উলিয়াই পেলাব লগীয়া হয় তেতিয়াই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
এই ঘটনা সংঘটিত হয় ২০১১ চনৰ মে’ মাহত। চিকিৎসকে ভুলবশতঃ পাথৰৰ সলনি কিডনী উলিয়াই দিয়াৰ চাৰি মাহ পাছত লোকজনৰ আন এখন চিকিৎসালয়ত মৃত্যু হয়। ইয়াৰ পাছতে ২০১২ চনত মৃত দেবেন্দ্ৰভাইৰ পত্নী মিনা বেনে কাষ চাপে আইনৰ।
সুদীৰ্ঘ দহ বছৰ পিছত শেহতীয়াভাৱে গুজৰাটৰ এখন আদালতে দেবেন্দ্ৰভাইৰ বিধবা পত্নী মিনা বেনৰ পক্ষত ৰায় প্ৰদান কৰি এই ঘটনাৰ বাবে চিকিৎসক আৰু চিকিৎসালয়খনক জগৰীয়া কৰে। লগতে চিকিৎসালয়খনক দেবেন্দ্ৰভাইৰ পত্নী মিনা বেনক ১১ লাখ ২৩ হাজাৰ টকাৰ ক্ষতিপূৰণ (Compensation) দিবলৈ নিৰ্দেশ প্ৰদান কৰে।
Photo: Google
Discussion about this post