অসমতে আৰম্ভ হৈছে অসমীয়া ভাষাৰ দুৰ্দশা। বৰাক উপত্যকাত পৰিলক্ষিত হৈছে অসমীয়া ভাষাৰ বিৰুদ্ধে বঙালী ভাষী সংগঠনৰ তীব্ৰ বিদ্বেষ। বৰাকত অসমীয়া ভাষা নচলিব বুলি হংকাৰ প্ৰদান বঙালী সংগঠনৰ। কেৱল সিমানেই নহয় বৰাকত অসমীয়া ভাষা বন্ধ হ’ব লাগিব বুলি দাবী তুলি বৰাক উপত্যকাত শুনা গ’ল ‘অসমীয়া জাতীয়তাবাদ নিপাত যাওক’ ধ্বনি।
বৰাক ডেম’ক্ৰেটিক য়ুথ ফ্ৰণ্ট নামৰ এটা সংগঠনে বৰাক উপত্যকাত অসমীয়া ভাষাত লিখা বেনাৰ-পোষ্টাৰত ক’লা ৰং সানি অসমীয়া ভাষা আৰু অসমীয়া ভাষীক জাতীয়তাবাদৰ বিৰুদ্ধে তীব্ৰ অসন্মানজনক মন্তব্য কৰে। শিলচৰ ৰেলৱে ষ্টেচনৰ সমীপত জল জীৱন মিছনৰ এখন বেনাৰত ক’লা ৰং সানি দিয়ে সংগঠনটোৱে। বৰাকত অসমীয়া ভাষা নচলিব বুলি মন্তব্য কৰি সংগঠনটোৱে বৰাকত বাংলা ভাষা লিখিবলৈ আহ্বান জনায় সংগঠনটোৱে। আনহাতে উগ্ৰ অসমীয়া জাতীয়তাবাদ নিপাত যাওক, বৰাকত অসমীয়া ভাষা নচলিব, ভাষীক আগ্ৰাসন বন্ধ কৰক আদি শ্ল’গান দি তীব্ৰ বিদ্বেষৰ সৃষ্টি কৰে সংগঠনটোৱে।
কাতি বিহুৰ দিনটোতে অসমতে অসমীয়া ভাষাক চুড়ান্ত অপমান কৰাক লৈ এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি জাতীয় দল-সংগঠন।
১৭ অক্টোবৰত জল জীৱন মিচনৰ এখন হৰ্ডিংত লিখা অসমীয়া ভাষাৰ ওপৰত বৰাকৰ এক অখ্যাত সংগঠনে ক’লা ৰং সানি তাৰ তলত বঙালী ভাষা লিখি দি অসমীয়া জাতি তথা অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা কাৰ্যৰ বিৰুদ্ধে সোমবাৰে যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট সদৰ থানাত এক এজাহাৰ দাখিল কৰে।
Photo: Khatang Khobor
Discussion about this post