স্বামী পৰিয়ালৰ সৈতে মিলি হত্যাৰ পৰিকল্পনাৰ অভিযোগ। জমেলা খাতুনক ত্যাজ্য কন্যা ঘোষণা পিতৃ পৰিয়ালৰ। স্বামী পৰিয়ালৰ সৈতে মিলি পিতৃক হত্যাৰ পৰিকল্পনা কৰা জমেলা খাতুনক ত্যাজ্য কন্যা ঘোষণা কৰা ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কাৱৈমাৰী ৯ নং ব্লকত।
জমেলা খাতুনে স্বামী পৰিয়ালৰ সৈতে মিলি পিতৃ মিৰজান আলীক হত্যাৰ পৰিকল্পনা কৰি ইতিমধ্যে তিনিবাৰকৈ বিভিন্ন স্থানত আক্ৰমণ কৰাৰ অভিযোগ আনিছে মিৰজান আলীয়ে। পিতৃ মিৰজান আলীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি মাটি সম্পত্তিৰ বাবে স্বামী পৰিয়ালৰ সৈতে মিলি এনে পৰিকল্পনা কৰিছে জমেলা খাতুনে।
কন্যাই কৰা এনে জঘন্য পৰিকল্পনাৰ বাবে ইতিমধ্যে মিৰজান আলীয়ে জমেলা খাতুনক ত্যাজ্য কন্যা ঘোষণা কৰিছে। ১৬ অক্টোবৰত বৰপেটা জিলা নটাৰীৰ জৰিয়তে জমেলা খাতুনক ত্যাজ্য কণ্যা ঘোষণা কৰে। এতিয়াৰ পৰা জমেলা খাতুনে পিতৃ মিৰজান আলীৰ কোনো স্থাৱৰ-অস্থাৱৰ সম্পত্তি দাবী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে মিৰজান আলীয়ে।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post