ধিঙৰ দাঁতিকাষৰীয়া একাংশ চৰাঞ্চলৰ দেৱানী-মাতাব্বৰৰ কৰ্ম কাণ্ডই বাৰে বাৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি অহাটো কোনো নতুন কথা নহয়। এইবাৰ পুনৰ একেই ঘটনা সংঘটিত হৈছে ধিঙৰ দাঁতিকাষৰীয়া পাংৰী চৰত।
ধিঙৰ পৰা মাত্ৰ ৭ কিলোমিটাৰ দূৰত্বত থকা এই পাংৰী চৰত বিগত বছৰ বছৰ ধৰি চলি আহিছে দেৱানী-মাতাব্বৰৰ ৰাজত্ব। চৰকাৰ কিম্বা প্ৰশাসন থকা স্বত্বেও এইখন চৰত চলে দেৱানী-মাতাব্বৰ তথা ভূ-মাফিয়াৰ ৰাজত্ব।
ভুক্তভোগী-
হৰমূজ আলী, চমৰ আলী, নুৰুল ইছলাম ,ফকৰ উদ্দিন নামৰ এই ডকাইত ৰূপী দেৱানী-মাতাব্বৰৰ তথা ভূ-মাফিয়াৰ এই দলটোৱে বছৰ বছৰ ধৰি চৰাঞ্চলৰ এইসকল দৰিদ্ৰ কৃষকক ব্যাপক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠিছে।
ভূমি বেদখল, গুণ্ডাটেক্স, মাৰ-ধৰ, মিছা গোচৰেৰে বহুকেইটা পৰিয়ালক দীৰ্ঘদিনে হাৰাশাস্তিকৰাৰো আছে অভিযোগ। অকল এয়াই নহয়, দৰিদ্ৰ কৃষকক দাবী কৰা চান্দাৰ ধন নাপালেই আক্ৰমণ কৰি ভাঙি দিয়ে হাত-ভৰি, লৈ যায় গৰু-ম’হ, জ্বলাই দিয়ে ঘৰ-বাৰি, বিভিন্ন থানাত দাখিল কৰে বিভিন্ন ধৰণৰ মিছা গোচৰ ।
এই দেৱানী-মাতাব্বৰৰ দলটোৱে ইতিমধ্যে নিৰিহ আহাম্মদ আলী নামৰ লোকজনৰ পৰিয়ালৰ বিৰুদ্ধে থানাত মিছা অভিযোগ দাখিল কৰি হাৰাশাস্তি কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে চৰাঞ্চলৰ ৰাইজ ।
উপায়ন্তৰ হৈ অৱশেষত এইসকল দেৱানী-মাতাব্বৰৰ বিৰুদ্ধে ওলাই আহিল চৰাঞ্চলৰ শতাধিক ভুক্তভোগী লোকসকল । সাব্যস্ত কৰিলে এইসকল দেৱানী-মাতাব্বৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। অতি শীঘ্ৰে এইসকল দেৱানী-মাতাব্বৰক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে চৰকাৰ-প্ৰশাসন । চৰাঞ্চলত এইসকল দেৱানী-মাতাব্বৰৰ কৰ্মকাণ্ডৰ এয়া কেইটামান উদাহৰণ হে মাথোঁ।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post