শ্বেৰলিন চোপ্ৰাই (Sherlyn Chopra) ৰাজ কুন্দ্ৰা (Raj Kundra) আৰু শিল্পা চেট্টী কুন্দ্ৰাৰ (Shilpa Shetty) বিৰুদ্ধে প্ৰৱঞ্চনা আৰু মানসিক নিৰ্যাতনৰ বাবে অভিযোগ দাখিল কৰিছে। শ্বেৰলিনে কয়, “মই ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতন, প্ৰৱঞ্চনা আৰু ভাবুকি দিয়াৰ বাবে এজাহাৰ দাখিল কৰিছো।
দৰাচলতে, শ্বেৰলিনে ৰাজ কুন্দ্ৰাৰ জেএল ষ্ট্ৰীম কোম্পানীৰ বাবে তিনিটা ভিডিঅ’ শ্বুট কৰিছিল, কিন্তু প্ৰতিশ্ৰুতি অনুসৰি তেওঁক ধন পৰিশোধ কৰা নাছিল। শ্বাৰ্লিন চোপ্ৰাই টুইটাৰত ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা দেখা গৈছে। শিৰোনামত শ্বেৰলিনে লিখিছিল: “আজি মই ৰাজ কুন্দ্ৰা আৰু শিল্পা চেট্টীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ মোৰ আইনী দলৰ সৈতে জুহু আৰক্ষী থানালৈ গৈছিলো।
On Oct14, actor Sherlyn Chopra filed a complaint against Raj Kundra&Shilpa Shetty Kundra for allegedly committing fraud against her & mental harassment.
I've filed a complaint to register FIR against Raj Kundra for sexual harassment, cheating & criminal intimidation, she said. pic.twitter.com/zYAfV3QSsL
— ANI (@ANI) October 16, 2021
শ্বেৰলিনে তাইৰ বিবৃতিত কয়- যুৱতীসকলৰ দেহ প্ৰদৰ্শন কৰি আপুনি তেওঁলোকৰ টকা কিয় পৰিশোধ নকৰে, তেওঁলোকক কিয় প্ৰৱঞ্চনা কৰে? আপুনি তেওঁলোকক কিয় টুপী পিন্ধাই? এয়া নৈতিক ব্যৱসায় ( Ethical business) নেকি?
आज मैं अपनी कानूनी टीम के साथ जुहू पुलिस स्टेशन पर गई थी राज कुंद्रा और शिल्पा शेट्टी के खिलाफ़ शिकायत दर्ज कराने।@TheShilpaShetty pic.twitter.com/46TkiXTs6t
— Sherlyn Chopra (शर्लिन चोपड़ा)🇮🇳 (@SherlynChopra) October 14, 2021
শ্বেৰলিনে তাইৰ বিবৃতিত কয়- যদি আপুনি এজন ব্যৱসায়ী হ’ব বিচাৰে, তেন্তে যাওক টাটাই কেনেদৰে ব্যৱসায় কৰে শিকক। নৈতিকতাৰে কৰে। যি প্ৰতিশ্ৰুতি দিয়ে, সেয়া পালন কৰে। আপুনি কি কৰে? আপুনি শিল্পীৰ ঘৰলৈ যায় আৰু তেওঁলোকক যৌন শোষণ কৰে। তেওঁলোকক আণ্ডাৰৱৰ্ল্ডৰ ভাবুকি দিয়ে। আৰু চলচ্চিত্ৰ উদ্যোগৰ পৰা ওলাই যোৱাৰ ভাবুকি দিয়ে। মই আৰু ভয় নকৰো।
বিগত কেইমাহমানত, শ্বেৰলিনে ৰাজ কুদ্ৰাৰ বিৰুদ্ধে আচৰিত অভিযোগ উত্থাপন কৰিছে। শ্বেৰলিনে কৈছিল যে ৰাজ কুন্দ্ৰাই তাইক প্ৰাপ্তবয়স্ক উদ্যোগলৈ(Adult industry) লৈ আহিছিল।
শ্বাৰ্লিন চোপ্ৰাই ৰাজৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে ৰাজে তেওঁৰ ঘৰত তেওঁক জোৰ জৱৰদস্তি কৰিছিল। তেওঁ ২০২১ চনৰ এপ্ৰিলত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰিছিল। ২৭ মাৰ্চ, ২০১৯ত এক ব্যৱসায়িক বৈঠকৰ পিছত ৰাজ কুন্দ্ৰা তেওঁক অৱগত নকৰাকৈ তেওঁৰ ঘৰলৈ আহিছিল, শ্বেৰলিনে কয়।
Photo: Google
Discussion about this post