‘মদ খাই মাতলামি কৰা মদপীজনীৰ কথা মোক কিয় সুধিছে। মদপীজনীয়ে মানুহক মাৰিছে। মোক যদি সুধিব আছে সেইকেইজন মানুহৰ কথা শুধক। যিকেইগৰাকীয়ে দুৰ্ঘটনাত ভৰি হেৰুৱাইছে। সেই মানুহকেইজনক ক্ষতিপূৰণ দিয়ক কাৰণ সেইকেইজন লোকে চৰকাৰৰ ৰাস্তা বনাবলৈ গৈছিল।’-বিতৰ্কিত ৰাজকন্যা বৰুৱা সন্দৰ্ভত প্ৰশ্ন সোধাত সংবাদ মাধ্যমৰ সন্মুখত এই উত্তৰ দিলে লেখিকা শিখা শৰ্মাই (Assamese Writer Sikha Sarma)।
লগতে তেওঁ কয় যে, চৰকাৰৰ কিয় কোনো নীতি-নিয়ম নাই। সেই মদপীগৰাকীয়ে তাজ ভিভাণ্টাৰ পৰা ৰুক্মিনী গাঁৱলৈ আহোত ৰাস্তাত কিয় নধৰিলে? শিখা শৰ্মাই গাড়ী ওলাবয়ে নোৱাৰে, আৰক্ষীয়ে সকলো তালাচী চলাই। মোৰ গাড়ী ছয়মাইললৈ ওলালেই ৩ বাৰমান তালাচী চলাই। কিন্তু মদপীজনীক কেনেকৈ তাজ ভিভাণ্টাৰ পৰা ৰুক্মিনী গাঁও পালে।
লেখিকা শিখা শৰ্মা-
মিঞা-মুছলমান সকল আমাৰ ভাই, আমি তেওঁলোকৰ হৈ গণতান্ত্ৰিক বিপ্লৱ কৰিব। এই মন্তব্য শিখা শৰ্মাৰ। শণিবাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), বিজেপি (BJP) আৰু সদৌ অসম ছাত্ৰ সন্থাকে (AASU) আদি কৰি অসমৰ জাতীয় সংগঠনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে লেখিকা শিখা শৰ্মা। বিজেপি আৰু অসমৰ জাতীয় সংগঠনে হিন্দুত্বৰ নামত মিঞা-মুছলমান সকলক খিলঞ্জীয়া মুছলমান আৰু বাংলাদেশী মুছলমানৰ নামত ৰাজনীতি কৰে বুলি বিস্ফোৰক মন্তব্য তেওঁৰ।
সদৌ অসম ছাত্ৰ সন্থাই এজনো বাংলাদেশীক খেদি পঠিয়াব পৰা নাই, ইয়াৰ পৰা বুজা যায় যে অসমত এজনো বাংলাদেশী নাই। অসমত থকা পূৰ্ৱবংগীয় লোকসকল ভাৰতীয় লোক। অসমত থকা মিঞা-মুছলমানক বাংলাদেশী বুলি কয় এটা ঘৃণনীয় পৰিৱেশ সৃষ্টি কৰা হৈছে। ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য জগৰীয়া। এইদৰে মন্তব্য কৰে শিখা শৰ্মাই (Assamese Writer Sikha Sarma)।
মিঞা- মুছলমান সকলক বাংলাদেশী বাংলাদেশী বুলি কৈ আক্ৰমণ কৰি অহাৰ বিৰুদ্ধে গণতান্ত্ৰিক বিপ্লৱ গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে তেওঁ। অসমৰ চিলটিয়াই হওক, মিঞাই হওক সকলো মুছলমান একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায় তেওঁ কিয়নো আল্লা শব্দই সমগ্ৰ বিশ্বৰ মুছলমানক একত্ৰিত কৰি ৰাখিছে বুলি মন্তব্য কৰে তেওঁ।
আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) বিৰুদ্ধেও সোচ্ছাৰ হৈ পৰে লেখিকা শিখা শৰ্মা।
Photo: Khatang Khobor
Discussion about this post