ধুমপান স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক! এই কথা সকলোৱে জানে, কিন্তু ইয়াৰ ব্যৱহাৰ প্ৰতিদিনে কৰা হয়। ধপাত সেৱন কৰাৰ বাবেই ভাৰতত ৫৬.৪ শতাংশ পুৰুষ আৰু ৪৪.৯ শতাংশ মহিলাৰ কেঞ্চাৰ ৰোগ হয়। মুখৰ ভিতৰতে অধিক সংখ্যক লোকে কেঞ্চাৰ ৰোগ ভুগিবলগীয়া হয়। হাওঁফাওঁৰ কেঞ্চাৰৰ ৯০ শতাংশ ধুমপান কৰাৰ ফলত হোৱা দেখিবলৈ পোৱা যায়।
এক সমীক্ষা অনুসৰি ধপাত সেৱনৰ বাবে প্ৰতি ৮ ছেকেণ্ডত এজন লোকৰ মৃত্যু হয়। ভাৰতত প্ৰতি বছৰে ধপাত সেৱনৰ ফলত হোৱা ৰোগত ৮,০০,০০০ৰ পৰা ৯,০০,০০০ লোকৰ মৃত্যু হয়। দিনক দিনে ধপাত সেৱন জাতীয় ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিশ্বৰ ভিতৰতে প্ৰতিবছৰে ভাৰতত বৃদ্ধি হ’বলৈ ধৰিছে।
ধুমপান সেৱন কৰিলে পুৰুষে হেৰুৱাই যৌন ক্ষমতা। মহিলাৰ ধপাত বা ধুমপান কৰিলে সময়তকৈ আগতে ঋতুস্ৰাৱ প্ৰক্ৰিয়া বন্ধ হৈ যায়।
ধুমপান এৰাৰ উপায়ঃ
চিগাৰেট, পান, জৰ্দা, গুটখা চকুৰ পৰা আঁতৰাই ৰাখিব লাগে।
পান, চিগাৰেট খোৱা লোকসকলৰ পৰা আঁতৰি থাকিব লাগে।
মুখত চুইংগাম, মিঠা লজেঞ্চ, পিপাৰমিন্ট থকাৰ অভ্যাস কৰিব লাগে।
দীঘল উশাহ লৈ থাকিব লাগে।
ধপাতজাতীয় সামগ্ৰী খাবলৈ মন গ’লেই এগিলাছ পানী বা সাধাৰণ ব্যায়াম কৰিব লাগে।
এটা নিৰ্দিষ্ট দিনৰপৰা এইবোৰ ত্যাগ কৰাৰ সিদ্ধান্ত ল’ব লাগে।
এইবোৰ ত্যাগ কৰিবলৈ আনৰ সহায় ল’ব লাগে।
মন শান্ত ৰাখিবলৈ সদায় যোগ, খোজকঁঢ়া, ব্যায়াম, গান-বাজনা আদি কৰিব লাগে।
চাহ, কফি আৰু মদ নিয়ন্ত্ৰণ কৰিব লাগে।
পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে।
Photo: Google
Discussion about this post