আনুষ্ঠানিকভাৱে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (LGBI Airport) গ’ল আদানী গ্ৰুপৰ (Adani Group) হাতলৈ। শুকুৰবাৰে মাজনিশা আদানী গ্ৰুপক আনুষ্ঠানিকভাৱে বিমান বন্দৰটো হস্তান্তৰ কৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধীকৰণে (AAI)।
ভাৰতীয় বিমান বন্দৰ প্ৰাধীকৰণে শুকুৰবাৰে বিমান বন্দৰটোৰ ছাবি-কাঠি গতাই দিয়ে আদানী গ্ৰুপৰ হৈ বিমান বন্দৰটোৰ মুখ্য বিমান বন্দৰ বিষয় উৎপল বৰুৱাৰ হাতত। গুৱাহাটী বিমান বন্দৰৰ টাৰ্মিনেল হলত অনুষ্ঠিত এক অনুষ্ঠানত বিমান বন্দৰটোৰ প্ৰতিকী চাবি আৰু নথি হস্তান্তৰ কৰা হয় আদানী গ্ৰুপক।
উল্লেখ্য যে ২০১৮ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক নিবিদাত অংশ লৈ উত্তৰ পূৰ্ৱাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো পৰিচালনাৰ দায়িত্ব লাভ কৰিছিল আদানী গ্ৰুপে। বিমান বন্দৰটোৰ অভিযান আৰু ব্যৱস্থাপনাৰ দায়িত্ব হস্তান্তৰৰ পাছত এতিয়াৰে পৰা অনাগত ৫০ বছৰলৈ আদানী গ্ৰুপৰ তত্বাৱধানত থাকিব বিমান বন্দৰটো।
লক্ষনীয় যে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা অসম তথা উত্তৰ পূৰ্ৱাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছিল বিভিন্ন দল-সংগঠনে। কিন্তু জনমতক উপেক্ষা কৰি অৱশেষত ব্যক্তিগত খণ্ডক গতাই দিয়া হ’ল বিমান বন্দৰটো।
আজিৰে পৰা আদানী গ্রুপৰ হাতত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ যাৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বহু কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰি আজিৰ দিনটো অসম তথা ভাৰত বৰ্ষৰ বাবে আজিৰ দিনটো ক’লা দিন হিচাবে পালন কৰে।
Photo: Khatang Khobor
Discussion about this post