বিখ্যাত টিভি শ্ব’ ‘ৰামায়ণ’ত (Ramayan) ৰাৱণৰ (Ravan) চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু (Dies) হয়। তেওঁৰ বয়স ৮২ বছৰ আছিল আৰু দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। তেওঁৰ মৃত্যুৱে টিভি জগত শোকৰ ছাঁ পেলাইছে। অৰবিন্দৰ মৃত্যুত তেওঁৰ অনুৰাগীৰ লগতে শ্ব’টোৰ ৰাম, সীতা আৰু লক্ষ্মণেও অৰবিন্দৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
‘ৰামায়ণ’ত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা সুনীল লাহিড়ীয়ে টুইট যোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ লিখিছিল, “আমাৰ প্ৰিয় অৰবিন্দ ভাই এতিয়া আমাৰ সৈতে নাই বুলি অতি দুখজনক খবৰ। ঈশ্বৰে তেওঁৰ আত্মাক শান্তি দিয়ক। মই মোৰ পিতৃৰ সমান, মোৰ পথ প্ৰদৰ্শক আৰু সৰ্বশ্ৰেষ্ঠ লোকজনক হেৰুৱালোঁ।”
Bahut dukhad Samachar hai ki Hamare Sabke Pyare Arvind bhai (Ravan of Ramayan) Ab Hamare bich Nahin Rahe😥 Bhagwan Unki Atma ko Shanti De…I am speechless I lost father figure, my guide, well wisher & gentleman … 🙏😥 pic.twitter.com/RtB1SgGNMh
— Sunil lahri (@LahriSunil) October 6, 2021
দীপিকা চিখালিয়াই ইনষ্টাগ্ৰামত আৱেগিক পোষ্ট লিখিছে
অনুষ্ঠানটোত সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দীপিকা চিখালিয়াই ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দীপিকাই লিখিছিল, “তেওঁৰ পৰিয়াললৈ আন্তৰিক সমবেদনা। তেওঁ এজন ভাল মানুহ আছিল।”
অৰুণ গোভিলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
ৰামায়ণত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলেও অৰবিন্দক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ টুইটাৰত লিখিছিল, “ৰাম অৱতাৰ আধ্যাত্মিক আৰু সাংসাৰিক, এজন অতি ভাল, ধৰ্মীয়, সৰল প্ৰকৃতিৰ মানুহ আৰু মোৰ মৰমৰ বন্ধু অৰবিন্দ ত্ৰিবেদীজীক আজি মানৱ সমাজে হেৰুৱাইছে।
आध्यात्मिक रूप से रामावतार का कारण और सांसारिक रूप से एक बहुत ही नेक,धार्मिक, सरल स्वभावी इंसान और मेरे अतिप्रिय मित्र अरविंद त्रिवेदी जी को आज मानव समाज ने खो दिया। नि:संदेह वे सीधे परमधाम जाएंगे और भगवान श्रीराम का सानिध्य पाएंगे।🙏💐
— Arun Govil (@arungovil12) October 6, 2021
৩০০তকৈও অধিক চলচ্চিত্ৰত কৰিছিল কাম
উল্লেখ্য ‘ৰামায়ণ’ৰ পিছত অৰবিন্দ ত্ৰিবেদীয়ে ‘বিক্ৰম আৰু বেতাল’ৰ উপৰিও আন বহুতো হিন্দী ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। কিন্তু আজিও তেওঁ ৰামানন্দ সাগৰৰ ৰামায়ণত ৰাৱণৰ চৰিত্ৰৰ বাবে যথেষ্ট জনাজাত। তেওঁ ৩০০তকৈও অধিক গুজৰাটী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু বহুতো গুজৰাটী নাটকত তেওঁৰ শক্তিশালী অভিনয়ৰ বাবে এক প্ৰভাৱ পেলাইছিল।
Photo: Google
Discussion about this post