ডিব্ৰুগড় ডিকমত চুৰিকাণ্ড। শিক্ষানুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ডত জড়িত ৭টা চোৰক গ্ৰেপ্তাৰ লাহোৱাল আৰক্ষীৰ। চুৰিকাণ্ডৰ মাষ্টাৰমাইণ্ড গুলু বেদীয়া, চাজন গচাইক গ্ৰেপ্তাৰ। অনামু ভূঞা, বিৰু তাচা, মহন্মদ নুল আলী ওৰফে গেৰু, গনেশ ভূমিজ আৰু বিকাশ কুৰ্মী ওৰফে প্ৰকাশকো গ্ৰেপ্তাৰ আৰক্ষীৰ।
ডিকম হাইস্কুলৰ পৰা ১৩খন ফেন, ২টা মটৰ চুৰিৰ অভিযোগ। আটাইকেইটা চোৰৰ বিৰুদ্ধে চাবুৱা থানাৰ ১৭০/২১ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৪৫৭/৩৮০ ধাৰা ৰুজু।
চোৰকেইটাৰ ঘৰ ডিকম নাহৰতলী চাহ-বাগিচাত। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত লাহোৱাল আৰক্ষীৰ। এই চুৰিকাৰ্যত আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহ।
Photo & Input: ৰাজু সোনোৱাল
Discussion about this post