ৰাজ্যত পুনৰ এক নিৰ্লজ্জ কাণ্ড সংঘটিত হয়। এইবাৰ এই ঘটনা সংঘটিত হয় গোলাঘাটত (Golaghat)। ৫৫ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল ১৪ বছৰীয়া কিশোৰী।
জিতেন নাথ নামৰ এজন লম্পট লোকে ধৰ্ষণ (Rape) কৰিলে ১৪ বছৰীয়া কিশোৰীক। টকাৰ প্ৰলোভন দি দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীক ধর্ষণ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
কছাৰিহাট কাবৰুগাঁৱৰ কিশোৰীগৰাকী কেইদিনমান ধৰি অসুস্থ হৈ পৰাত বিভিন্ন ঘৰুৱা চিকিৎসা কৰি থকাতো কোনো ধৰণৰ সুফল নোপোৱাত শুকুৰবাৰে চিকিৎসকৰ কাষ চাপে পৰিয়াল। তাৰ পিছতে পৰিয়ালে জানিবলৈ সাত মাহৰ অন্তঃসত্তা এই ১৪ বছৰীয়া কিশোৰী। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীৰ কাষ চাপে কিশোৰীৰ পৰিয়াল।
পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযুক্ত জিতেন নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Photo: Khatang Khobor





























Discussion about this post