নিজৰ সহকৰ্মীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা বায়ু সেনাৰ এগৰাকী মহিলা বিষয়াই (Woman IAF Office) পুনৰ এটা চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে। বিষয়াগৰাকীয়ে কোৱা অনুসৰি, ধৰ্ষণৰ পিছত তেওঁ টু-ফিংগাৰ টেষ্টো কৰোৱাব লগা হৈছিল, যাৰ ফলত তেওঁ দুবাৰকৈ আঘাতপ্ৰাপ্ত হৈছিল।
আনহাতে, ৰাষ্ট্ৰীয় মহিলা আয়োগে এই বিষয়টো স্বতঃপ্ৰণোদিতভাৱে বিবেচনা কৰিছে। আয়োগে কয় যে বায়ু সেনাৰ চিকিৎসকসকলৰ দ্বাৰা টু-ফিংগাৰ টেষ্ট কৰোৱাটো এগৰাকী মহিলা বিষয়াৰ মৰ্যাদা আৰু গোপনীয়তাৰ উলংঘন কৰা হয়।
NCWৰ মুৰব্বীৰ দ্বাৰা লিখা পত্ৰ
টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ৰাষ্ট্ৰীয় মহিলা আয়োগে (National Commission for Women) কৈছিল যে এয়া উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা দিয়া আদেশৰ বিৰুদ্ধেও, য’ত এইধৰণৰ পৰীক্ষা কৰোৱাত নিষিদ্ধ প্ৰদান কৰাৰ কথা কোৱা হৈছিল। মহিলা আয়োগৰ মুৰব্বী ৰেখা শৰ্মাই এয়াৰ চীফ মাৰ্শ্বেললৈ পত্ৰ লিখি এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কৈছে। আয়োগে কৈছিল যে বায়ু সেনাৰ চিকিৎসকসকলক নিৰ্দেশনাবোৰ ব্যাখ্যা কৰা উচিত।
ICMRৰ উদ্ধৃত
পত্ৰখনত লিখা হৈছে যে ২০১৪ চনত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদেও (ICMR) Two Finger Testক অবৈজ্ঞানিক বুলি অভিহিত কৰিছিল। উচ্চতম ন্যায়ালয়ে Two Finger Testক ভুল বুলি অভিহিত কৰিছিল আৰু কৈছিল যে ইয়াৰ দ্বাৰা নিশ্চিত কৰিব নোৱাৰি যে কাৰোবাৰ সৈতে ধৰ্ষণ হৈছে নে নাই হোৱা। মহিলা বিষয়াগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে তেওঁক কইম্বাটুৰৰ বায়ু সেনা প্ৰশাসনিক মহাবিদ্যালয়ৰ চৌহদত ধৰ্ষণ কৰা হৈছিল। আৰক্ষীয়ে এই সন্দৰ্ভত অভিযুক্ত ফ্লাইট লেফটেনেণ্টক গ্ৰেপ্তাৰ কৰিছে।
কি হয় Two-Finger Test?
Two-Finger Testৰ বিষয়ে আলোচনা অব্যাহত। এইটো এটা মেনুৱেল প্ৰক্ৰিয়া যাৰ অধীনত চিকিৎসকে ভুক্তভোগীগৰাকীৰ গুপ্তাংগত এটা বা দুটা আঙুলি সোমাই পৰীক্ষা কৰে যে তেওঁ ভাৰ্জিন হয় নে নহয়। যদি আঙুলি সহজে সোমাই যায় তেন্তে বিশ্বাস কৰা হয় যে তেওঁ যৌনভাৱে সক্ৰিয় আছিল। অৱশ্যে, ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈয়ে আছে। এইটো কেৱল ভুক্তভোগীৰ মৰ্যাদাৰ বিৰুদ্ধে নহয় লগতে অবৈজ্ঞানিকও। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে ইয়াৰ দ্বাৰা জানিব পৰা নাযায় যে ধৰ্ষণ হৈছে নে নাই হোৱা।
Photo: Google
Discussion about this post