গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা সানি নিলম্বিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ (Gauhati University) এজন সহকাৰী অধ্যাপক (Assistant Professor)। বিশ্ববিদ্যালয়খনৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক অমিত পাণ্ডেই অশ্লীল মেচেজযোগে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীক চলাইছিল যৌন আতিশাৰ্য (Sexual Harrasment)।
অধ্যাপকজনৰ এই নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে ছাত্ৰীগৰাকীয়ে অভিযোগ দিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষক। এই অভিযোগ লাভৰ পিছতেই বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ অভিযোগ কমিটিয়ে সহঃ অধ্যাপকজনক দুবাৰকৈ দিছিল কাৰণ দৰ্শোৱাৰ জাননী।

কিন্তু দুখনকৈ কাৰণ দৰ্শোৱাৰ জাননী লাভৰ পিছতো কোনো উত্তৰ নিদিলে সহঃ অধ্যাপক অমিত পাণ্ডেই। যাৰবাবে আভ্যন্তৰীণ অভিযোগ কমিটিৰ পৰামৰ্শ অনুসৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নিলম্বিত কৰিছে সহঃ অধ্যাপকগৰাকীক।
উল্লেখ্য সহকাৰী অধ্যাপকজনৰ এই নিকৃষ্ট ঘটনাক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নিৰ্লজ্জ সহঃ অধ্যাপকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে স্নাতকোত্তৰ ছাত্ৰ সন্থায়ো বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক জনাইছিল অনুৰোধ।
Photo: Khatang Khobor




























Discussion about this post