তেজপুৰত (Tezpur) দুৰ্গাপূজা (Durga Puja) অনুষ্ঠিত কৰাক লৈ উত্তপ্ত পৰিস্থিতি ৷ হৰিজন ক’লনিত সৃষ্টি হয় মাৰপিটৰ (Clash) ঘটনা ৷ উত্তেজিত ৰাইজে ঘেৰাও কৰে আৰক্ষী থানা ৷ মাৰপিটৰ ঘটনাত মুকবধিৰ কিশোৰ, মহিলাসহ ৮জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৷
হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা একাংশই বিৰোধিতা কৰিছিল দুৰ্গাপূজা অনুষ্ঠিত কৰাত ৷ দেওবাৰে সন্ধিয়া হৰিজন ক’লনিৰ দুৰ্গা মন্দিৰত অনুষ্ঠিত হৈছিল পূজা পতাক লৈ এক আলোচনা ৷
Video:
আলোচনাৰ মাজতে বাধা প্ৰদান কৰা লোকৰ মাজত সংঘাত সৃষ্টি হয় ৷ কিয়নো এটা ফৈদে সেই স্থানত দুৰ্গা পূজা অনুষ্ঠিত কৰিব নিদিয়ে, আন এটা ফৈদে সেই ঠাইতেই পূজা অনুষ্ঠিত কৰিবলৈ আকোৰগোজ হোৱাই এই সংঘাতৰ সৃষ্টি হয়।
মাৰপিটত আঘাতপ্ৰাপ্ত হয় ৮ জনকৈ লোক ৷ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ তেজপুৰত প্ৰতিক্ৰিয়া অব্যাহত ৷
উল্লেখ্য যে, সেই অঞ্চলটোৰ অধিকাংশ লোক কোনো অন্য ধৰ্মৰ লোক। যাৰ বাবেই সেই ঠাইত পূজা পতাৰ বিৰোধিতা কৰিছে। পিছে সেই ধৰ্মৰ লোকৰ মন্তব্য তেওঁলোকে কোনো কতো বাধা প্ৰদান কৰা নাই। এয়া এক ষড়যন্ত্ৰ।
আনহাতে পূজা পাতিবলৈ আকোৰগোজ লোক সকলো জয় শ্ৰী ৰাম ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Photo & Input: অভিজিৎ দাস
Discussion about this post