জামুগুৰিহাটৰ (Jamugurihat) কুসুমটোলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত (Road Accident) এজন লোকৰ থিতাতে মৃত্যু (Died) হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।
কুসুমটোলাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তেজপুৰৰ (Tezpur) দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে গৈ থকা এখন ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা গৈ থকা এখন বালি কঢ়িওৱা ডাম্পাৰে মুখামুখিকৈ খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটোত ডাম্পাৰখনৰ চালক চনেন বড়ো(২৯) থিতাতে মৃত্যু হোৱাৰ বিপৰীতে পহ্লাদ চুনি আৰু আকৰ তেলী নামৰ আন দুজন যুৱকৰ গুৰুতৰভাৱে আহত হয়।
আহত দুজনক উত্তৰ জামুগুৰি চিকিংসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে বৰ্তমান তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।
Photo & Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post