তিতাবৰ (Titabar) দিহিঙীয়াত ৰাইজে ছাগলী চোৰক (Thief) ধৰি উত্তম-মধ্যম শোধাই গতাই দিলে আৰক্ষীক। দীর্ঘদিনে তিতাবৰ দিহিঙীয়া অঞ্চলৰ ৰাইজৰ ছাগলী চোৰ হৈ আছিল আৰু আজি স্থানীয় ৰাইজে এটা ছাগলী চোৰক ধৰিবলৈ সক্ষম হয়।
ছাগলী চোৰটোক ধৰি উত্তম-মধ্যম শোধাই তিতাবৰ আৰক্ষীক (Titabar Police) গতাই দিয়ে। দিন দুপৰতে তিতাবৰত গঞা ৰাইজে হাতে লোটে ছাগলী চোৰটোক ধৰিবলৈ সক্ষম হয়।
ঘটনাস্থলীত আৰক্ষী আহি নোপোৱা পৰ্যন্ত গছত বান্ধি থয় ছাগলী চোৰটোক। বৰ্তমান ছাগলী চোৰটো লগত জড়িত হৈ থকা আন এটা চোৰক ধৰিবলৈ তিতাবৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ছাগলী চোৰটোৰ নাম বকুল দাসৰ ঘৰ তিতাবৰ বিবিজানত বুলি জানিব পৰা গৈছে।
Photo: Khatang Khobor





























Discussion about this post