অলপতে বলিভিয়াৰ(Bolivian) চাণ্টাক্ৰুজ(Santa Cruz)ৰ এখন ৰেষ্টুৰেণ্টত(Restaurant) সংঘটিত হ’ল এক আজৱ ঘটনা। ৰেষ্টুৰেণ্টখনৰ বাৰ্গাৰৰ(Hot Burger) ভিতৰত ওলাল মানুহৰ এটা কটা আঙুলি(FINGER)। উল্লেখ্য এই আজৱ কাণ্ডটো পোহৰলৈ অহাৰ পিছত ঘটনাটোক একপ্ৰকাৰ তদন্তৰ আওতালৈও অনা হয়।
তদন্তকাৰী বিষয়া তথা কন্জুমাৰ ডিফেন্সৰ ডেপুটী মিনিষ্টাৰ জৰ্জ ছিলভাই ঘটনাটো সম্পৰ্কে তেওঁৰ মন্তব্য প্ৰকাশ কৰি কয় যে – “আমি কৰা পৰীক্ষা-নিৰীক্ষাৰ অন্তত বাৰ্গাৰটোত যিটো আঙুলি পাইছো, সেইটো এজন কৰ্মচাৰীৰ হয়। যিয়ে তেওঁৰ দুটা আঙুলি অলপতে হেৰুৱাবলগীয়া হৈছিল।”
তথ্য অনুসৰি কৰ্মচাৰীজনে বাৰ্গাৰৰ বাবে সেইদিনাও মাংস কাটি আছিল। কিন্তু সেইদিনা তেওঁৰ কাটিং মেচিন চলাই থাকোঁতে দূৰ্ঘটনাবশতঃ দুটা আঙুলি কটা যায়। লগতে তেওঁ সেইটো এলেকাৰ ২০খন ৰেষ্টুৰেণ্টত বাৰ্গাৰ ডেলিভাৰী কৰে। যাৰ ফলত ভুলক্ৰমে সেইখন ৰেষ্টুৰেণ্টত সেই বাৰ্গাৰটো গুচি যায় আৰু এগৰাকী মহিলাৰ প্লেটত সেইটো চাৰ্ভ কৰা হয়। বাৰ্গাৰটো খাবলৈ লোৱাৰ সময়ত মহিলাগৰাকীয়ে মানুহৰ আঙুলিটো দেখি অত্যন্ত ভয় খায় আৰু ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষক এইবিষয়ে অৱগত কৰে।
Photo: Google
Discussion about this post