বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ছাপাৰবড়ীত সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা। দুই সন্তানৰ পিতৃ বাহাৰুল ইছলামৰ (৩৩) হত্যাকাণ্ডৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ছাপাৰবড়ী অঞ্চলত।
ছাপাৰবড়ীৰ ইয়াছিন আলীৰ পুত্ৰ বাহাৰুল ইছলামৰ হত্যাকাণ্ডৰ লগত তেওঁৰ পত্নী আইতন নেছা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। বাহাৰুল ইছলামৰ কণমানি পুত্ৰই দিয়া ভাষ্য অনুসৰি আইতন নেছাই কিছু দিন পূৰ্বে বাহাৰুল ইছলামক হাত আৰু শৰীৰৰ বিভিন্ন স্থানত কামুৰি ক্ষত-বিক্ষত কৰাৰ লগতে ডিঙিত লাঠি আদিৰেও আঘাত কৰিছিল।
পত্নী আইতন নেতাই স্বামী বাহাৰুল ইছলামক হাত কামোৰাৰ কথা কেমেৰাৰ আগত স্বীকাৰ কৰিছে। পৰৱৰ্তী সময়ত কাকো নজনোৱাকৈ বাহাৰুল ইছলামক পত্নী আইতন নেতাই চিকিৎসাৰ বাবে কয়াকুছিলৈ লৈ যায় যদিও মৃত্যু হয় বাহাৰুল ইছলামৰ।
পুত্ৰৰ ভাষ্য-
ইফালে পত্নীৰ ভাষ্য-
স্থানীয় প্ৰতিবেশীয়ে জনোৱা মতে বাহাৰুল ইছলাম আৰু পত্নী আইতন নেছাৰ মাজত প্ৰায়েই কাজিয়া আৰু মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। স্বামী হত্যাৰ অভিযোগ উত্থাপন হোৱা আইতন নেছাক ইতিমধ্যে বালাপাৰা আৰক্ষীয়ে আটক কৰিছে। আনহাতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post