ডিব্ৰুগড়ৰ SBI বেংকত এগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰা মূল অভিযুক্ত ৰিতুৰাজ সেনচোৱাক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড আৰক্ষীয়ে।
বুধবাৰে নিশা আৰক্ষীয়ে ৰিতুৰাজক অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড় সদৰ থানাৰ উপ-পৰিদৰ্শক জ্যোতিষ ফুকনৰ নেতৃত্বত চলিছিল সন্ধান অভিযান।
আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি লম্পট ৰিতুৰাজ সেনচোৱাক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰে।
Reference viral video of molestation in SBI Dibrugarh branch
Case has been registered vide Dbr PS Case no. 1793/21 u/s 354A/509 IPC. Accused has been identified as Ritu Raj Saikia and arrested by @dibrugarhpolice Lawful action being taken. pic.twitter.com/sJ4Xc4Ves4— GP Singh (@gpsinghips) September 15, 2021
উল্লেখযোগ্য যে, ডিব্ৰুগড়(Dibrugarh) চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত(SBI) এগৰাকী মহিলাই কাউণ্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত সংঘটিত হৈছিল এই ঘটনা।
এজন লম্পট চৰিত্ৰ লোকে মহিলাগৰাকীৰ অজ্ঞাতেই অসৎ কাৰ্যত লিপ্ত হৈছিল। আৰু এই সমগ্ৰ কাণ্ড কেমেৰাত বন্দী কৰিছিল কোনো অজ্ঞাত লোকে।
বেংকৰ কাউণ্টাৰত শাৰী পাতি থকা এগৰাকী মহিলাক এজন কু-চৰিত্ৰৰ লোকে ইচ্ছাকৃতভাৱে নিজৰ গুপ্তাংগৰে জঘন্য কাণ্ড সংঘটিত কৰি থকা দৃশ্য কেমেৰাত বন্দী হৈছিল।
Photo: Khatang Khobor
Discussion about this post