ৰাজ্যত পুনৰবাৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। সভ্য সমাজক লজ্জানত কৰা এক ঘটনা এইবাৰ সংঘটিত হৈছে ডিব্ৰুগড়ত।
ডিব্ৰুগড়(Dibrugarh) চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত(SBI) লজ্জাজনত ঘটনা সংঘটিত হয়। এগৰাকী মহিলাই কাউণ্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত সংঘটিত হয় এই ঘটনা।
ভাইৰেল ভিডিঅ’-
এজন লম্পট চৰিত্ৰ লোকে মহিলাগৰাকীৰ অজ্ঞাতেই অসৎ কাৰ্যত লিপ্ত হয়। আৰু এই সমগ্ৰ কাণ্ড কেমেৰাত বন্দী কৰে কোনো অজ্ঞাত লোকে।
বেংকৰ কাউণ্টাৰত শাৰী পাতি থকা এগৰাকী মহিলাক এজন কু-চৰিত্ৰৰ লোকে ইচ্ছাকৃতভাৱে নিজৰ গুপ্তাংগৰে জঘন্য কাণ্ড সংঘটিত কৰি থকা দৃশ্য কেমেৰাত বন্দী হৈছে।
এতিয়া এই ভিডিঅ’টো ভাইৰেল হ’বলৈ ধৰিছে ছচিয়েল মিডিয়াত। সামাজিক মাধ্যমত এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লোকজনক উচিত শাস্তিৰ দাবী জনাইছে।
অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙেও টুইটযোগে এইকথা প্ৰকাশ কৰা লগতে অতি শ্ৰীঘেই দোষী লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ ডিব্ৰুগড় আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে।
ইফালে এই ঘটনাক লৈ ডিব্ৰুগড়ত সচেতন মহিলাসকলেও তীব্ৰ প্ৰতিবাদ জনাই নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে।
Photo & Input: Raju
Discussion about this post