আগতে মই চুৰি কৰা নাই, আজি প্ৰথম। ধৰা পৰাৰ পিছত সাংবাদিকৰ সন্মুখত এই স্বীকাৰোক্তি চোৰৰ। দক্ষিণ কামৰূপৰ সোণতলীত চোৰৰ সন্ত্ৰাস। এটা নিশাতে প্ৰায় ৫০০ ঘৰত সোমাল চোৰ।
৩জনীয়া দলেৰে আহি কাৰো ঘৰতে চুৰি কৰিব নোৱাৰি কালাতলী পথাৰত সাংবাদিকৰ ঘৰত চুৰি কাৰ্য চলাবলৈ গৈ হাতে-লোটে ধৰা পৰিল চোৰ ৷ পুৱতি নিশা কালাতলী পথাৰত এগৰাকী সংবাদিকৰ ঘৰত বেৰ কাটি চুৰি কাৰ্য সংঘটিত কৰি থকাৰ সময়কে হাতে লোটে এটা চোৰ ধৰিবলৈ সক্ষম হয় যদিও আৰু দুটা চোৰ পলাই যাবলৈ সক্ষম হয় ৷
ধৰা পৰাৰ পিছত চোৰৰ স্বীকাৰোক্তি- আগতে মই চুৰি কৰা নাই, আজি প্ৰথম। সোণতলীৰ পৰা ৰাস্তাৰে আহোতে যিমান ঘৰ পাইছো প্ৰতিটো ঘৰতে সোমাইছো। কিন্তু এটা ঘৰটো চুৰি কৰা নাই। সদায় চুৰি কৰো।
আটক হোৱা চোৰটো সোণতলীৰ ৰাঙাপানীৰ নুৰ ইছলাম বুলি জানিব পৰা গৈছে ৷ আনহাতে পলাতক আন দুটা চোৰৰ নাম নুৰ উদ্দিন আৰু আৰান আলী।
Photo & Input: Rezzaul Kabir
Discussion about this post