এয়া ধিঙৰ ঘটনা। ধিঙৰ লহকৰ গাঁৱৰ গুলজাৰ হুছেইনৰ পত্নী এইগৰাকী আজমলা খাতুন। ১০ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা আজমলাৰ আছে তিনিটাকৈ সন্তান। এটাৰ বয়স তিনি মাহ, এটাৰ বয়স তিনি বছৰ আৰু এগৰাকী ছয় বছৰীয়া কন্যা সন্তান থকা আজমলাই বিগত ১০ বছৰত অবৈধ প্ৰেমৰ গৃহস্ত্ৰী কৰি অন্য পুৰুষৰ সৈতে ২৫ বাৰকৈ পলাই গৈ ৰূপালী জয়ন্তী পাতিলে। শুনি আচৰিত হলেও এয়াই সচাঁ কাহিনী।
আজমলা আকৌ পলাই গ’ল আন কাৰোবাৰ লগত। এইবাৰৰ সৈতে তাইৰ ২৫ বাৰ হ’ল। কিন্তু এইবাৰ তাইৰ যোৱাৰ কাহিনীয়ে হতভম্ব কৰি তুলিছে সকলোকে। শনিবাৰে তাইৰ স্বামী গৈছিল গাড়ী চলাবলৈ। ঘৰত কোনো নথকাৰ সুযোগতে তাই নিজৰ ৩ মহীয়া পানী কেঁচুৱাটিৰ লগতে তিনি বছৰীয়া কণমানি দুই সন্তানক এৰি তাই পলাই গ’ল কোনোবা অচিনাকি প্ৰেমিকৰ লগত। যাওতে লগত লৈ গ’ল নগধ ধন, আ-অংলকাৰ আৰু ছয় বছৰীয়া কন্যা সন্তানক।
স্বামীৰ ভাষ্য-
এতিয়া তাই ক’ত গ’ল, কাৰ লগত পলাই গ’ল সেয়া কোনেও নাজানে। এতিয়া প্ৰশ্ন হয়, এগৰাকী মাতৃ কিমান হৃদয়হীন হ’লে এনেদৰে তিনি মহীয়া পানী কেঁচুৱাক এৰি বেলেগৰ লগত পলাই যাব পাৰে। মাতৃৰ নামত কলংক এইগৰাকী মহিলাক কি নাম দিব ? পাষাণ হৃদয়ৰ মাতৃ নে আন কিবা?
দুই কণমানিক বুকুত লৈ গুলজাৰো তাইক বিচাৰি হাহাকাৰ। তাই য’তেই আছে ঘূৰি আহক। তাইক মোৰ লাগিবই। টকা পইচা- আ-অংলকাৰ একো নালাগে, কেৱল তাইক লাগে। পুনৰ তাইক লৈয়েই গুলজাৰে কৰিব সুখৰ সংসাৰ।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post