বিলাসীপাৰাৰ সাপটগ্ৰামত শৃংখল চলিহা(Shrinkhal Chaliha)ৰ পুত্তলিকা দাহ কৰি বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিবাদ। বঙালী বিৰোধী মন্তব্য কৰা শৃংখল চলিহাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে ৯০ লাখ বঙালী ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ।
অসমৰ বঙালী সমাজ তথা বঙালী জনগোষ্ঠীৰ বিৰুদ্ধে কটু মন্তব্য কৰা বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ(Shrinkhal Chaliha) বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সাপটগ্ৰাম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে।
উল্লেখযোগ্য যে বিগত কেইদিনমান পূৰ্বে শৃংখল চলিহাই বঙালী সমাজৰ বিৰুদ্ধে কটু মন্তব্য কৰি তুচ্ছ তাচ্ছিল্য কৰিছিল। শৃংখল চলিহাৰ এই কটু মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে বঙালী যুৱ ছাত্ৰ ফেডাৰেছন।
আজি সাপটগ্ৰাম আঞ্চলিক বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত প্ৰতিবাদকাৰীসকলে জয় আই অসম, বঙালী যুৱ ছাত্ৰ ফেডাৰেচন জিন্দাবাদ, অসম বিৰোধী চক্ৰ হুচিয়াৰ, শৃংখল চলিহা মূর্দাবাদ, শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
Discussion about this post