শুকুৰবাৰে দৰং আৰক্ষীয়ে আবেলিৰ পৰা ৩টা স্থানত বিশেষ অভিযান চলাই আলফা(ULFA)ৰ নামত ধনদাবীৰে(Extortion) জড়িত ৩ যুৱকক কৰায়ত্ত কৰিছে। মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ নেতৃত্বত অসামৰিক সাজত অভিযান চলোৱা আৰক্ষীৰ দলটোৱে প্ৰথমে মঙলদৈ কৰিমচ’কত অভিযান চলাই চাহেব আলীক আটক কৰে।
মঙলদৈ ধৰিয়াখাইতিৰ যুৱকজনক মঙলদৈ কৰিমচকৰ পৰা কৰায়ত্ত কৰে। লগে লগে দলটোৱে মঙলদৈ থানালৈ আহে আৰু চাহেব আলীক লগত লৈ দলটোৱে আউলাচৌকালৈ আগবাঢ়ে।
আউলাচৌকাৰ সমীপৱৰ্তী কালিয়াপাৰাত অভিযান চলাই আৰক্ষীৰ দলটোৱে আজাদ আলী নামৰ আন এজনক কৰায়ত্ত কৰে। এইবাৰ কৰায়ত্ত ২ জনক লগত লৈ আৰক্ষীৰ দলটো আগবাঢ়ে পাথৰিঘাট আৰক্ষীচকীলৈ।
পাথৰিঘাটৰ হাপামাৰাৰ পৰা দলটোৱে অভিযান চলাই জোনজ্যোতি বনিয়া নামৰ তৃতীয় অভিযুক্তটোক কৰায়ত্ত কৰি নিশা ৮ বজাত মঙলদৈ থানাত উপস্থিত হয়।
দলটোৱে এগৰাকী শিক্ষকক ধনদাবী কৰাৰ পিছত আলফা কেইটাৰ বিৰুদ্ধে আজি প্ৰায় ৫ ঘণ্টাজোৰা ৰুদ্ধশ্বাস অভিযান চলায় বুলি পিছত মঙলদৈ থানাত এক সংবাদমেলত সদৰি কৰে।
দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত এই সফল অভিযান চলায় আৰু অভিযানত নগৰীয়া শাখাৰ উপ-পৰিদৰ্শক ডান্টেজিৎ দেউৰী, উপ-পৰিদৰ্শক কৃষ্ণকান্ত লস্কৰ সহ উপ-পৰিদৰ্শক নীৰজ আলম চৌধুৰী।
যুৱক কেইজন প্ৰকৃত আলফা নে ভুৱা সেয়া তদন্ত চলি আছে।
Photo & Input: Bhabesh Kalita
Discussion about this post