ডিমা হাছাও কাণ্ডত নিহত ট্ৰাক চালকৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ। হোজাই জিলাৰ নিহত হোৱা চাৰি গৰাকী মৃত চালকৰ পৰিয়াললৈ অসম চৰকাৰৰ পৰা ৫ লাখ টকাকৈ আৰ্থিক অনুদান। আজি লংকা চক্ৰ বিষয়া কাৰ্যালয়ত প্ৰদান কৰা হয় পাঁচ লাখ টকাকৈ অনুদান।
হোজাই জিলা উপায়ুক্ত, ডিমাহাচাওৰ উপায়ুক্ত, হোজাই আৰক্ষী অধীক্ষক , লংকা চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰদান কৰা হয় এই সাহায্য। কিছুদিন পূৰ্বে ডিমাহাচাওত দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল ৪ গৰাকী গাড়ী চালক।
হোজাইৰ লংকাৰ নিহত হোৱা গাড়ী চালক কেইজনৰ নাম ক্ৰমে গৌৰ মজুমদাৰ, দিলৱাৰ হুছেইন, আজগৰ আলী আৰু চিকণ্ডৰ আলী। আজগৰ আলীৰ দুই পত্নীক ২ লাখ ৫০ হাজাৰ টকাকৈ ভাগ কৰি এই আৰ্থিক সাহায্য প্ৰদান কৰা হয়।।
Photo: Khatang Khobor
Discussion about this post