নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ কোনে, কেনেকৈ ঠেলি দিছিল, সেই সকলো তথ্য অভিযোগনামাৰ জৰিয়তে পোহৰলৈ আহিছে। অভিযোগনামাত উন্মোচিত তথ্য অনুসৰি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক নিচাগ্ৰস্ত অৱস্থাত সাগৰৰ পানীত সাঁতুৰিবলৈ দিছিল। তদুপৰি লাইফ জেকেট অবিহনেই জুবিন গাৰ্গক পানীত সাতুৰিবলৈ দিয়া হয়।
ড0 হিতেশ বৰুৱাই মৃগীৰোগত আক্ৰান্ত জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আতৰত ৰখাৰ পৰামৰ্শ দিছিল। কিন্তু এনে পৰামৰ্শক আওকাণ কৰি ভুক্তভোগী জুবিন গাৰ্গক পানীত সাঁতুৰিবলৈ দিয়া হয়। জুবিন গাৰ্গৰ মৃগীৰোগৰ সমস্যা থকাৰ পিচতো মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ভ্ৰমণৰ বাবে লোৱা নাছিল কোনো স্বাস্থ্যজনিত সুস্থতাৰ প্ৰমাণপত্ৰ। আনকি সাগৰত ঘটনাৰ সময়ত জুবিনৰ বমি হোৱা আৰু মৃগীৰোগৰ লক্ষণক সাধাৰণ গেষ্ট্ৰিক বুলি আওকাণ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সাগৰত বিপদত পৰা সময়ত জুবিন গাৰ্গক উদ্ধাৰ কৰিবলৈ নাযাবলৈ সকলোকে আহ্বান জনাই সিদ্ধাৰ্থ শৰ্মাই চিঞৰিছিল – যাব দে যাব দে।
জুবিন গাৰ্গৰ হত্যাৰ গোচৰত SIT য়ে শ্যামকানু মহন্তৰ বিৰুদ্ধেও অভিযোগনামাত কেতবোৰ তথ্য সন্নিৱিষ্ট কৰিছে। অভিযোগনামাত উল্লেখ কৰা হৈছে যে চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ আৰু মৃত্যুৰ কাৰণ হ’ব পাৰে বুলি জানিও শ্যামকানু মহন্তই জুবিন গাৰ্গক ছইস্কিৰ বটল প্রদান কৰিছিল। অভিযুক্ত মহন্তই কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তক সুকীয়া কোঠা দিয়াৰ পৰিবৰ্তে জুবিন গাৰ্গৰ সৈতে একেলগে থাকিবলৈ দিছিল। শ্যামকানু মহন্তই অমৃতপ্রভাৰ জৰিয়তে জুবিন গাৰ্গক সুৰাপান কৰোৱাইছিল। অভিযোগনামাত উল্লেখ থকা আন এক গুৰত্বপূৰ্ণ তথ্য অনুসৰি ঘটনাৰ দিনা পুৱা শ্যামকানু মহন্তই জুবিন গাৰ্গৰ ব্যৱস্থাপনা দলক লগ পাইছিল৷ ইমানৰ পিচতো মহন্তই জুবিন গাৰ্গৰ সুৰক্ষামূলক, স্বাস্থ্যজনিত দিশত কোনো ব্যৱস্থা লোৱা নাছিল বা য়ট পাৰ্টি বাতিল কৰিবলৈ আহান জনোৱা নাছিল।চিকিৎসকে দিয়া পৰামৰ্শ অনুসৰি জুবিন গাৰ্গ মৃগীৰোগত আক্ৰান্ত বুলি জনাৰ পিচতো শ্যামকানু মহন্তই য়ট পাৰ্টি বাতিল কৰা নাছিল। বৰঞ্চ অসম এছ’চিয়েচনৰ সভাপতিক য়টলৈ প্ৰেৰণ কৰিছিল শ্যামকানু মহন্তই ৷
আন এক বিস্ফোৰক তথ্য অনুসৰি সাগৰত ঘটা ঘটনাৰ ৭৫ মিনিট পিচতহে এম্বুলেন্সত জুবিনক লৈ যোৱা হৈছিল। তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা নকৰাৰ বাবেই জুবিনক ‘গ’ল্ডেন আৱাৰৰ’ সময়ছোৱাত বচাব পৰা নগ’ল।
ইপিনে, কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধেও বহুকেইটা তথ্য অভিযোগনামাত সন্নিৱিষ্ট কৰা হৈছে। এইক্ষেত্ৰত উল্লেখ কৰা তথ্য অনুসৰি ঘটনাৰ পূৰ্বৰ দুটা ৰাতি একেটা কোঠাত থাকি জুবিন গাৰ্গক অত্যধিক মদ্যপান কৰিবলৈ দিছিল অমৃতপ্রভা মহন্তই। তদুপৰি জুবিন গাৰ্গে অত্যধিক সুৰাপান কৰা, খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অমৃতপ্ৰভাই মেনেজাৰ, অনুষ্ঠানৰ আয়োজক অথবা পত্নীক অৱগত কৰোৱা নাছিল। অতিশয় ভাগৰুৱা আৰু সুৰামত্ত অৱস্থাত জুবিন গাৰ্গক সাঁতুৰিবলৈ দিছিল অমৃতপ্রভাই।
অনুৰূপ ধৰণে অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে ‘তাত যাওঁ ব’ল’ বুলি কৈ জুবিনক পানীত নামিবলৈ উচটাই দিয়া, সকলোতকৈ সুবিধাজনক
তৱস্থাত থকাৰ পিচতো জুবিনক ৰক্ষা নকৰা, জুবিনৰ জীৱনৰ প্ৰতি সংকট নামি অহাৰ পিচতে প্রত্যক্ষদৰ্শীক ‘থামছ আপ’ দেখুৱাই বিভ্ৰান্ত কৰা, লাইফ জেকেট নোহোৱাকৈ সাতোৰাত বাধা প্রদান নকৰা আদি অভিযোগ উত্থাপন কৰা হৈছে।
জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে বহুকেইটা অভিযোগ আনি SIT য়ে চাৰ্জশ্বিটত কেতবোৰ তথ্য সন্নিবিষ্ট কৰিছে। জুবিনক পানীত জঁপিয়াবলৈ এৰি দিয়া, কেইবাজনো প্ৰবাসী ভাৰতীয়ই জুবিনৰ জীৱনলৈ বিপদ অহা বুলি হুলস্থুল কৰাৰ পিচতহে পলমকৈ পানীত জপিয়াই উদ্ধাৰৰ চেষ্টা কৰা, সময়মতে কেপ্টেইনক নমতা আদি তথ্য সন্দীপন গাৰ্গৰ বিৰুদ্ধে চাৰ্জশ্বিটত সন্নিৱিষ্ট কৰিছে SIT য়ে।





























Discussion about this post