♦ ”অসমত বাংলাদেশী থাকিলেও কাৰো অধিকাৰ খৰ্ব কৰা নাই ৷ বাংলাদেশীয়ে অধিকাৰ খৰ্ব কৰা বুলি কোৱাটো মানৱতাৰ প্ৰতি হানিকাৰক ৷ আল্লাই এই ভূমি মানুহৰ বাবে বনাইছে, তেনেস্থলত বাংলাদেশীক উচ্ছেদ কিয় কৰা হৈছে ?“ অসমত চলি থকা চৰকাৰী উচ্ছেদক লৈ গুৱাহাটীত এইদৰে মন্তব্যৰে বিতৰ্কৰ ধুমুহা বোঁৱাইছে বিশিষ্ট সমাজকৰ্মী ছৈয়দা হামিদে ।
♦ দেওবাৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত অসম নাগৰিক সন্মিলনে আয়োজন কৰা এক ৰাজহুৱা সমাজৰ এখন সভাৰ শেষত সংবাদ মাধ্যমৰ সন্মুখত পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য, মানৱ অধিকাৰ কৰ্মী ছৈয়দা হামিদে কৰা মন্তব্যই ৰাজ্যজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছে । মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা, সদৌ অসম ছাত্ৰ সন্থা (আছু)কে ধৰি আন দল-সংগঠন তথা বুদ্ধিজীৱীলৈকে সকলোৱেই এই লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ এই ৰাজহুৱা সভাখনৰ মূল উদ্যোক্তা আছিল বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁই।
♦ দেওবাৰে গুৱাহাটীত অনুষ্ঠিত নাগৰিক সমাজত অংশ গ্ৰহণ কৰে ছৈয়দা হামিদৰ লগতে বিশিষ্ট অধিবক্তা তথা সমাজকৰ্মী প্ৰশান্ত ভূষণেও ৷
ছৈয়দা হামিদৰ বিতৰ্কিত মন্তব্য –
♦ অসমত চলি থকা উচ্ছেদৰ বিৰোধিতা কৰি গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত মুছলমানসকলক টাৰ্গেট কৰি লোৱা হৈছে বুলি মন্তব্য কৰি ছৈয়দা হামিদে কয়, “অসমত বৰ্তমান যি পৰিস্থিতি হৈ আছে, সেয়া মুছলমানসকলৰ বাবে মহাদুৰ্যোগ বুলিব পাৰি । চাৰিওফালে মুছলমানসকলক টাৰ্গেট কৰি লোৱা হৈছে । আমি দিল্লীত থাকো যদিও আমাৰ হৃদয়, আমাৰ সমবেদনা এই মুহূৰ্তত ইয়াৰ মুছলমানসকলৰ প্ৰতিও আছে ।”
♦ তেওঁ লগতে কয়, “বাংলাদেশী হোৱাটো কি পাপ নেকি ? বাংলাদেশীওতো মানুহ । পৃথিৱীখন ইমান মুকলি, গতিকে ৰিফিউজি হ’ব পাৰে; কিন্তু কাৰোতো একো ক্ষতি কৰা নাই, অধিকাৰ জোৰ-জুলুমকৈ কাঢ়ি লোৱা নাই । তেওঁলোকে আমাৰ অধিকাৰ কাঢ়ি লৈছে বুলি একেষাৰে কৈ দিয়াতো সঠিক নহয় । এয়া হৈছে ভুল বুজাবুজি । এয়া বহুত চিন্তনীয়, উদ্বেগজনক আৰু মানৱতাৰ বাবে অত্যন্ত ক্ষতিকাৰক। ”
♦ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, আজি অসমৰ বাবে খুবেই সংকটৰ সময় ৷ আমি একলগ হৈ এই সংকটৰ মোকাবিলা কৰিব লাগিব আৰু অসমখনক আমি নিৰাপদ কৰিব লাগিব ৷” আজি সভাখনৰ মূল উদ্যোক্তা ড৹ হীৰেন গোহাঁইকো আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় – হীৰেন গোহাঁই বেছিভাগ আমেৰিকাত থাকে। ড৹ গোহাঁই দুদিনমানৰ বাবে গুৱাহাটীলৈ আহে আৰু অসমখন জ্বলাই থৈ যায়। অৱশ্যে অসমৰ ৰাইজে এতিয়া বুজি পোৱা হৈছে। তেওঁৰ কথাত গুৰুত্ব নিদিয়ে। ।
Discussion about this post